অসম

assam

ETV Bharat / bharat

প্ৰবাসী শ্ৰমিকৰ মজুৰী সন্দৰ্ভত কেন্দ্ৰক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ - উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ত কৰা আবেদনৰ ভিত্তিত শুকুৰবাৰে প্ৰবাসী শ্ৰমিকৰ চিনাক্ত, আহাৰ, পানী, ঔষধ আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰৰ প্ৰতিক্ৰিয়া বিচাৰি নিৰ্দেশ প্ৰদান উচ্চতম ন্যায়ালয়ৰ ।

প্ৰবাসী শ্ৰমিকৰ মজুৰী সন্দৰ্ভত কেন্দ্ৰক জবাবদেহীঃ উচ্চতম ন্যায়ালয়ৰ
প্ৰবাসী শ্ৰমিকৰ মজুৰী সন্দৰ্ভত কেন্দ্ৰক জবাবদেহীঃ উচ্চতম ন্যায়ালয়ৰ

By

Published : Apr 3, 2020, 5:35 PM IST

নিউজ ডেস্ক, ৩ এপ্ৰিলঃদুজন ব্যক্তিৰ আবেদনৰ ভিত্তিত শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ পৰা প্ৰবাসী শ্ৰমিকৰ মজুৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰে । আবেদনত প্ৰবাসী শ্ৰমিকৰ জীৱনৰ নিৰাপত্তা, মৌলিক অধিকাৰ আৰু মজুৰী প্ৰদান আদি বিষয় উপস্থাপন কাৰ হৈছে । কাৰণ ২১ দিনৰ লক্ ডাউনৰ ঘোষণাৰ পাচতেই নানান সমস্যাত পৰিছে এইসকল শ্ৰমিক ।

ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে হৰ্ষ মন্দৰ আৰু অঞ্জলি ভাৰদ্বাজক অধিবক্তা প্ৰশান্ত ভূষণে জনায় যে, নাগেশ্বৰ ৰাও আৰু দীপিকা গুপ্তাৰ বিচাৰপীঠে এই সন্দৰ্ভত ইতিমধ্য়ে কেন্দ্ৰক জাননি জাৰী কৰিছে । অহা ৭ এপ্ৰিল শুনানি গ্ৰহণ কৰা হ'ব ।

আবেদনত সংবিধানৰ ২১ অনুচ্ছেদৰ মৌলিক অধিকাৰৰ কথা উল্লখ কৰি লক্ ডাউনে প্ৰবাসী শ্ৰমিক সকলৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছে বুলি উল্লেখ কৰা হৈছে । লগতে কোৱা হৈছে হঠাতে দিয়া লক্ ডাউনৰ ফলত বাছ আস্থান, ৰেলৱে ষ্টেচন, আন্তঃৰাজ্যিক সীমান্তত বহু প্ৰবাসী শ্ৰমিক আবদ্ধ হৈ পৰিছিল । আবেদনত ইয়াৰ লগতে বহু কেইটা দিশ সামৰি লোৱা হৈছে ।

মেক্সিকোত স্থগিত কৰ'ণা বিয়েৰৰ উৎপাদন

ABOUT THE AUTHOR

...view details