অসম

assam

By

Published : Jan 6, 2020, 1:44 PM IST

ETV Bharat / bharat

NRC সন্দৰ্ভত সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগঃ অসম চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

অসম চৰকাৰ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ পৰা এনআৰচিৰ বিষয়ে সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগত স্পষ্টীকৰণ বিচাৰিছে  উচ্চতম ন্যায়ালয়ে ৷

স্পষ্টীকৰণ বিচাৰিছে  উচ্চতম ন্যায়ালয়ে
স্পষ্টীকৰণ বিচাৰিছে  উচ্চতম ন্যায়ালয়ে

নিউজ ডেস্ক, 6 জানুৱাৰী: এনআৰচিৰ বিষয়ে সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগত ৰাজ্যিক সমন্বয়ক আৰু অসম চৰকাৰৰ পৰা এক স্পষ্টীকৰণ বিচাৰিছে উচ্চতম ন্যায়ালয়ে ৷

সোমবাৰে মুখ্য ন্যায়াধীশএছ.এ ববডেৰ অধ্যক্ষতাৰ বিচাৰপীঠখনে অধিবক্তা কপিল শিবালৰ সন্মুখত নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে, "তেওঁ এনে কথা ক'ব নোৱাৰে ৷ অসম চৰকাৰে ইয়াৰ স্পষ্টীকৰণ দিব লাগিব ৷" বিচাৰপীঠখনে জ্যেষ্ঠ অধিবক্তা কপিল শিবালে দৃষ্টি আকৰ্ষণ কৰা বিষয়টোৰ শুনানিত ন্যায়াধীশ ববডে এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে, এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ অপসাৰণৰ বিষয়েও আবেদনখনত অভিযোগ উত্থাপন কৰা হৈছিল ৷

ইয়াৰোপৰি ৰাজ্যখনৰ এনআৰচিৰ বিষয় লৈ আন কেইবাখনো আবেদন সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল আৰু বিচাৰপীঠে কেন্দ্ৰ তথা অসম চৰকাৰক 4 সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰি এক জাননী প্ৰদান কৰিছে ৷

উল্লেখ্য যে, এনআৰচিৰ পৰা প্ৰায় 60টা শিশুৰ নাম বাদ পৰা বিষয়টো সম্পৰ্কত উচ্চতম ন্যায়ালয়ত দাখিল কৰা আন এক আবেদনৰো শুনানি লোৱা হয় ৷

কেন্দ্ৰ তথা অসম চৰকাৰৰ হৈ এট'ৰ্নী জেনেৰেল কে.কে ভানু আৰু চ'লিছিটাৰ জেনেৰেল তুষাৰ মেহতাই জনোৱা মতে, এই শিশু সকল তেওঁলোকৰ অভিভাৱৰ পৰা পৃথক নহয় ৷

এই শুনানিত উপস্থিত থকা অন্যতম ন্যায়াধীশ বি.আৰ গাৱাই আৰু সূৰ্য কান্তই কয় যে, যিসলকৰ অভিভাৱকে এনআৰচিৰ দ্বাৰা নাগৰিকত্ব পাইছে, তেওঁলোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা নহয় ৷

লগতে পঢ়ক:আধৰুৱা হৈ ৰ’ৱ নেকি বিজেপিৰ সপোন

ABOUT THE AUTHOR

...view details