অসম

assam

ETV Bharat / bharat

কৰ্মচাৰীক সম্পূৰ্ণ দৰমহা প্ৰদান : কেন্দ্ৰৰ প্ৰতিক্ৰিয়া বিচাৰিলে উচ্চতম ন্যায়ালয়ে - COVID-19 লকডাউন

কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ৷ কৰ্মচাৰীসকলক সম্পূৰ্ণ দৰমহা প্ৰদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশৰ বাবে দুসপ্তাহৰ সময় ধাৰ্য ন্যায়ালয়ৰ ৷

কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
উচ্চতম ন্যায়ালয়

By

Published : Apr 27, 2020, 7:44 PM IST

নেশ্যনেল ডেস্ক, 27 এপ্ৰিল :লক ডাউনৰ সময়ছোৱাত কৰ্মচাৰীসকলক সম্পূৰ্ণ দৰমহা প্ৰদান কৰাৰ লগতে চাকৰিৰ পৰা বৰ্খাস্ত নকৰাটো নিশ্চিত কৰিবৰ বাবে সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দুসপ্তাহৰ ভিতৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

গৃহ মন্ত্ৰণালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি,COVID-19 লকডাউনৰ পৰিপ্ৰেক্ষিততো সকলো কৰ্মচাৰীকে সম্পূৰ্ণ দৰমহা প্ৰদান কৰিব লাগিব ৷ কিন্তু, এই অধিসূচনা সঁচাকৈয়ে কাৰ্যকৰী হৈছে নে নাই সেই সম্পৰ্কত নথি-পত্ৰ জমা কৰিবৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক নিৰ্দেশ প্ৰদান কৰিছে ৷

অধিবক্তা এন. ভি. ৰামানা,সঞ্জয় কৃষণ কৌল আৰু বি. আৰ.গাভাইৰ দ্বাৰা গঠিত এক বিচাৰক মণ্ডলীয়ে কেন্দ্ৰক প্ৰতিক্ৰিয়া প্ৰকাশৰ বাবে দুই সপ্তাহৰ সময় ধাৰ্য কৰি দিছে ৷ উল্লেখ্য যে, কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা অধিসূচনাক প্ৰত্যাহ্বান জনাই বহুকেইটা ব্যক্তিগত সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত এই নিৰ্দেশ প্ৰদান কৰা হয় ৷

এই সংগঠনসমূহে প্ৰদান কৰা আবেদনত উল্লেখ আছে যে,ব্যক্তিগত কোম্পানীসমূহক এই নিৰ্দেশ প্ৰদান কৰিবৰ বাবে চৰকাৰৰ কোনো ক্ষমতা নাই আৰু লক ডাউনৰ ফলত কোনো ৰাজহ সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে কোম্পানীসমূহে সম্পূৰ্ণ দৰমহা প্ৰদান কৰিব নোৱাৰে ৷

লগতে চাওকঃ COVID-19: মহাৰাষ্ট্ৰত চোৰ ধৰি পুলিচ-প্ৰশাসনৰ বিলৈ

ABOUT THE AUTHOR

...view details