নেশ্যনেল ডেস্ক, 27 জানুৱাৰী : প্ৰায় 2000 তৃতীয় লিংগৰ ব্যক্তিক অসমৰ চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) পৰা বাদ দিয়াৰ বিৰুদ্ধে যি আবেদন কৰা হৈছিল সেই সম্পৰ্কত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সোমবাৰে নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷
স্বাতী বিধান বৰুৱাই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ (PIL) ওপৰত ভিত্তি কৰি মুখ্য ন্যায়াধীশ এছ এ ববডে, অধিবক্তা বি আৰ গাৱাই আৰু সূৰ্য কান্তৰ দ্বাৰা গঠিত বিচাৰক মণ্ডলীয়ে চৰকাৰক এই জাননী জাৰী কৰে ৷