অসম

assam

ETV Bharat / bharat

চলিত বৰ্ষৰ জগন্নাথ মন্দিৰৰ ৰথ যাত্ৰাত উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা

কোভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে হিন্দু ধৰ্মৰ সকলোতকৈ পবিত্ৰ আৰু বৃহৎ উৎসৱ ভগৱান জগন্নাথৰ ৰথ যাত্ৰা বাতিল কৰাৰ নিৰ্দেশ মহামান্য উচ্চতম ন্যায়ালয়ৰ । যিটো উৎসৱত লাখ-লাখ মানুহ সমাগম হৈ ৰথ যাত্ৰাত অংশগ্ৰহণ কৰে ।

sc-ruling-on-rath-yatra-artisans-shed-tears
sc-ruling-on-rath-yatra-artisans-shed-tears

By

Published : Jun 21, 2020, 4:39 PM IST

নিউজ ডেস্ক, ২১ জুন : কোভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে হিন্দু ধৰ্মৰ সকলোতকৈ পবিত্ৰ আৰু বৃহৎ উৎসৱ ভগৱান জগন্নাথৰ ৰথ যাত্ৰা বাতিল কৰাৰ নিৰ্দেশ মহামান্য উচ্চতম ন্যায়ালয়ৰ । যিটো উৎসৱত লাখ-লাখ মানুহ সমাগম হৈ ৰথ যাত্ৰাত অংশগ্ৰহণ কৰে ।

আদালতৰ নিৰ্দেশ অনুসৰি, ১৭৩৬ চনৰ পৰা নিৰৱিচ্চন্নভাবে এই ৰথ যাত্ৰা অনুষ্ঠিত হৈ আছিল কিন্তু চলিত বৰ্ষৰ ২৩ জুনৰ পৰা অনুষ্ঠিত হবলগীয়া অনুষ্ঠানটি অনুষ্ঠিত নকৰাৰ বাবে উৰিষ্যা চৰকাৰলৈ জাননী প্ৰেৰণ কৰে উচ্চতম ন্যায়ালয়ে ।

ৰথ নিৰ্মাণকাৰী বিজয় কুমাৰ মহাপাত্ৰই জনাই যে, ইতিমধ্যে ৰথ নিৰ্মাণ প্ৰক্তিয়া সমাপ্ত হৈছে তেনেক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ আদেশ শুনি মই আচৰিত হৈছো । তেওঁ আকৌ জনাই যে, সম্ভৱত এইবাৰেই প্ৰথম য'ত ৰথ নিৰ্মাণ হোৱাৰ পিছতো অংশ্ৰগ্ৰহণ কৰিব নোৱাৰিম । 

ABOUT THE AUTHOR

...view details