অসম

assam

ETV Bharat / bharat

শাৰিৰীক উপস্থিতিৰ কোনো শুনানি গ্ৰহণ নকৰে উচ্চতম ন্যায়ালয়ে - উচ্চতম ন্যায়ালয়

দেশজুৰি বৃদ্ধি পোৱা মহামাৰী COVID-19ৰ প্ৰতি লক্ষ্য ৰাখিয়ে বুধবাৰে মুখ্য ন্য়ায়াধীশ এছ এ বোবডেৰ অধ্যক্ষতাত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কোনো ধৰণৰ শাৰীৰিকভাৱে উপস্থিত থাকি গ্ৰহণ কৰিবলগীয়া শুনানি গ্ৰহণ নকৰে বুলি মত প্ৰকাশ কৰে ।

 উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়

By

Published : Jul 22, 2020, 4:48 PM IST

নিউজ ডেস্ক, ২২ জুলাইঃ উচ্চতম ন্যায়ালয়ে বুধবাৰে বৰ্তমানৰ মহামাৰী COVID-19ৰ সংক্ৰমণৰ পস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ শাৰীৰিকভাৱে উপস্থিত থাকিব লগা শুনানি গ্ৰহণ নকৰে বুলি মত প্ৰকাশ কৰে ।

মুখ্য ন্যায়ধীশ এছ এ বোবডেৰ অধ্যক্ষতাত বহা বিচাৰপীঠে কয় যে,উচ্চতম ন্যায়ালয়ৰ সাত ন্যায়াধীশ সমিতিয়ে চাৰি সপ্তাহৰ পাচত উচ্চতম ন্যায়ালয়ত পুনৰ শাৰীৰিকভাৱে উপস্থিত থাকিবলগীয়া শুনানি সন্দৰ্ভত চিন্তা চৰ্চা কৰিব ।

COVID-19: শাৰিৰীকভাৱে উপস্থিত থাকিব লগীয়া কোনো শুনানি গ্ৰহণ নকৰে উচ্চতম ন্যায়ালয়ে

চিজেআই য়ে এই বিষয় সন্দৰ্ভত তেতিয়া মত প্ৰকাশ যেতিয়া এগৰাকী অধিবক্তাই বিভিন্ন ৰাজ্যৰ এছচি আৰু এছটি কৰ্মচাৰীসকলৰ পদোন্নতিৰ বাবে কোটা মঞ্জুৰ সন্দৰ্ভত দাখিল কৰা আৱেদনৰ ওপৰত শাৰীৰিকভাৱে উপস্থিত থাকি শুনানি গ্ৰহণ কৰিবলৈ দাবী জনাই । উল্লেখ্য যে,মহামাৰী COVID-19ৰ পৰিস্থিতিৰ বাবে উচ্চতম ন্যায়ালয়ে বিগত মাৰ্চ মাহৰ পৰা অনলাইনযোগে শুনানি গ্ৰহণ কৰি আহিছে ।

লগতে চাওকঃ কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা ঐতিহাসিক শিৱদৌল

ABOUT THE AUTHOR

...view details