অসম

assam

ETV Bharat / bharat

"এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড" যোজনা ওপৰত শুনানি গ্ৰহণ নকৰো বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

"এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড" যোজনা ৰূপায়ণৰ বাবে জনোৱা আৱেদনৰ ওপৰত শুনানি গ্ৰহণ নকৰো বুলি মন্তব্য ন্যায়ধীশ এনভি ৰমনা,ন্যায়ধীশ সঞ্জয় কিষান কাউল আৰু ন্যায়ধীশ বিআৰ গাভাইৰৰ । চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ন্যায়ধীশ কেইগৰাকীয়ে ।

By

Published : Apr 27, 2020, 8:44 PM IST

উচ্চতম ন্যায়ালয়
"এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড" যোজনা ওপৰত শুনানি গ্ৰহণ নকৰে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃসোমবাৰে এখন আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰাৰ পৰা বিৰত থাকে উচ্চতম ন্যায়ালয় । লক ডাউনৰ সময়ত "এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড" যোজনা ৰূপায়ণৰ বাবে জনোৱা আৱেদনৰ ওপৰত শুনানি গ্ৰহণ নকৰো বুলি মন্তব্য কৰে উচ্চতম ন্য়ায়ালয়ে ।

"এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড" যোজনা ওপৰত শুনানি গ্ৰহণ নকৰে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

আদালতে কয় যে, চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে,ন্যায়ধীশ এনভি ৰমনা, ন্যায়ধীশ সঞ্জয় কিষান কাউল আৰু ন্যায়ধীশ বিআৰ গাভাই কয় যে,কেৱল আৱেদনকাৰী জন এজন অধিবক্তা হোৱাৰ বাবে এইটো নহয় যে তেখেতে সকলো বিষয় ন্যায়ালয়লৈ লৈ আহিব ।

উল্লেখ্য যে,উচ্চতম ন্যায়ালয়ত ১৭ এপ্ৰিলত জনহিতাৰ্থে এখন আৱেদন দাখিল কৰা হয় । য'ত চৰকাৰে এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ অনুপস্থিতিৰ বাবে মহামাৰী COVID-19 ৰ সময়ত অস্থায়ীৰূপে "ওৱান নেশ্যন ওৱান আমব্ৰেলা" ৰূপায়ণ কৰিবৰ বাবে নিৰ্দেশ দিবলৈ আহ্বান জনাই ।

ABOUT THE AUTHOR

...view details