অসম

assam

ETV Bharat / bharat

CAAৰ সাংবিধানিক বৈধতা বিচাৰি কৰা আবেদন প্ৰত্যাহাৰ উচ্চতম ন্যায়ালয়ৰ

নাগৰিকত্ব সংশোধনী আইনক সাংবিধানিক ঘোষণা কৰি দাখিল কৰা আবেদন প্ৰত্যাখ্যান উচ্চতম ন্যায়ালয়ৰ ৷ মুখ্য ন্যায়াধীশ এছ.এ ববডেৰ নেতৃত্বাধীন বিচাৰপীঠৰ মতে,প্ৰথমবাৰৰ বাবে কোনোৱে এই আইনখন সাংবিধানিক হিচাপে ঘোষণা কৰাটো বিচাৰিছে ৷

আবেদন প্ৰত্যাহাৰ উচ্চতম ন্যায়ালয়ৰ
আবেদন প্ৰত্যাহাৰ উচ্চতম ন্যায়ালয়ৰ

By

Published : Jan 9, 2020, 3:11 PM IST

নিউজ ডেস্ক, 9 জানুৱাৰী:উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনক সাংবিধানিক হিচাপে ঘোষণা কৰাৰ বাবে দাখিল কৰা আবেদন আৰু ইয়াৰ ৰূপায়ণৰ দাবী কৰি সমগ্ৰ ৰাজ্যই দিয়া আবেদন প্ৰত্যাখ্যান কৰে ৷

ভাৰতৰ মুখ্য ন্যায়াধীশ এছ.এ ববডেৰ নেতৃত্বাধীন বিচাৰপীঠে এই আবেদনৰ বিষয়ে আশ্চৰ্য ব্যক্ত কৰি কয় যে, প্ৰথমাবাৰৰ বাবে কোনোৱে এই আইনখন সাংবিধানিক হিচাপে ঘোষণা কৰোটো বিচাৰিছে ৷

'ন্যায়ালয়ৰ কাম এক আইনৰ বৈধতা নিৰ্ধাৰণ কৰা,ইয়াক সাংবিধানিক ঘোষণা কৰাটো নহয় ৷' এই কথা উল্লেখ কৰে বিচাৰপতি বি.আৰ গাৱাই আৰু সূৰ্যকান্ত সমন্বিত বিচাৰপীঠে ৷

হিংসাত্মক কাৰ্য বন্ধ হ'লে CAAৰ বৈধতাক প্ৰত্যাহ্বান জনাব পৰা আবেদন সমূহৰ শুনানি হ'ব ৷ উল্লেখ্য যে,আবেদনখনত শিক্ষাৰ্থী আৰু সংবাদ মাধ্যমৰ লোকৰ বিৰুদ্ধে অপবাদ বিয়পোৱা বিষয়তো তদন্ত হোৱাটো বিচাৰিছে ৷

লগতে পঢ়ক:আমেৰিকা ইৰাণৰ মাজত যুদ্ধঃ কাৰ শক্তি কিমান !

ABOUT THE AUTHOR

...view details