অসম

assam

ETV Bharat / bharat

অট'মোবাইল সংস্থাসমূহক সমালোচনা সৰ্ব্বোচ্চ ন্যায়ালয়ৰ - BS-IV বাহন

BS-IV বাহনৰ বিক্ৰী আৰু পঞ্জীকৰণৰ ওপৰত বাধা সন্দৰ্ভত ২৭ মাৰ্চত ন্যায়ালয়ে প্ৰদান কৰা কেতবাৰ নিৰ্দেশ অৱমাননা কৰিছিল অট'মোবাইল সংস্থাসমূহে। ইয়াকে লৈ অট'মোবাইল সংস্থাসমূহক সমালোচনা কৰে সৰ্ব্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে।

সৰ্ব্বোচ্চ ন্যায়ালয়
SC pulls up automobile associations for flouting orders on BS-IV vehicles

By

Published : Jun 15, 2020, 8:48 PM IST

নিউজ ডেস্ক, ১৫ জুনঃ২৭ মাৰ্চত ন্যায়ালয়ে প্ৰদান কৰা আদেশৰ অৱমাননা কৰাৰ বাবে "Federation of Automobile Dealers Associations" চমুকৈ 'FADA'ৰ লগতে "automobile associations" ক সমালোচনা কৰে ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্ত্বত সৰ্ব্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে। ৩১ মাৰ্চৰ সময়সীমা অতিক্ৰম কৰি BS-IV বাহনৰ বিক্ৰী আৰু পঞ্জীকৰণৰ ওপৰত বাধা সন্দৰ্ভত ২৭ মাৰ্চত ন্যায়ালয়ে প্ৰদান কৰিছিল কেতবাৰ নিৰ্দেশ।

দেশত লক ডাউন অব্যাহত থকাৰ বাবে ন্য়ায়ালয়ে ১০ শতাংশ 'unsold inventory'ৰ বিক্ৰীৰ বাবে ১০ দিনৰ সময় বান্ধি দিছিল। কিন্তু অট'মোবাইল সংস্থাসমূহে বিক্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰে।

BS-IV বাহনৰ বিক্ৰী সন্দৰ্ভত দিয়া নিৰ্দেশ অৱমাননা কৰাৰ বাবে অট'মোবাইল সংস্থাক সমালোচনা সৰ্ব্বোচ্চ ন্যায়ালয়ৰ

লক ডাউন শিথিল কৰাৰ ১৫ দিন পাছলৈকে এই পঞ্জীয়ন প্ৰক্ৰিয়া বৃদ্ধি কৰিবলৈ সোমবাৰে "Federation of Automobile Dealers Associations"য়ে ন্য়ায়ালয়ত আৱেদন কৰিছে।

'FADA'ই মে' মাহৰ শেষৰফালে এই বিষয় সন্দৰ্ভত নিজৰ শপতনামা (affidavit) দাখিল কৰাৰ কথা আছিল। কিন্তু শপতনামা কৰিব নোৱাৰিয়ে সংস্থাটোৱে। 'FADA'ই এই শপতনামা দাখিল কৰিব নোৱাৰাত ক্ষুদ্ধ হৈ ন্যায়াধীশ মিশ্ৰই এয়া খেল বুলি ভাৱিছে নেকি বুলি প্ৰশ্ন কৰে। মে' মাহতে এই শপতনামা দাখিল কৰিব লাগিছিল যদিও এতিয়া জুন মাহৰ আধা দিন যোৱাৰ পাছতো শপতনামা দাখিল কৰিব নোৱাৰাত ক্ষুদ্ধ হৈ পৰে ন্যায়াধিশগৰাকী।

ন্যায়ালয়ৰ ২৭ মাৰ্চৰ নিৰ্দেশৰ পাছত BS-IV বাহনৰ বিক্ৰী আৰু পঞ্জীকৰণ সন্দৰ্ভত সকলো তথ্য জমা কৰিবলৈ পথ আৰু পৰিবহন মন্ত্ৰণালয় আৰু 'FADA'ক নিৰ্দেশ প্ৰদান কৰিছে ন্য়ায়ালয়ে। লগতে,শুকুৰবাৰে ন্য়ায়ালয়ত এই তথ্য জমা কৰাৰ পাছতহে পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব বুলি ন্যায়াধীশ অৰুণ মিশ্ৰই প্ৰকাশ কৰে।

ABOUT THE AUTHOR

...view details