অসম

assam

ETV Bharat / bharat

দিল্লীৰ বনাঞ্চলৰ মাজেৰে ৰেলপথ নিৰ্মাণৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ - গঠণ

১৯৯৬ চনৰ এটা নিৰ্দেশনাক সংশোধন কৰি দিল্লীৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ৰেল পথ নিৰ্মাণৰ বাবে শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে দিলে এক নতুন নিৰ্দেশনা । নিৰ্দেশনাটোৱে দ্ৰুত ট্ৰানজিট প্ৰক্ৰিয়াৰ(RRTS) দ্বাৰা দিল্লী-আলোৱাৰ আৰু দিল্লী-পানীপথৰ মাজৰ কৰিড'ৰটো নিৰ্মাণৰ পথ প্ৰশস্ত কৰি তুলিলে ।

SC permits construction of rail line in Delhi's forest area
দিল্লীৰ বনাঞ্চলৰ মাজেৰে ৰেলপথ নিৰ্মাণৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

By

Published : Aug 7, 2020, 4:18 PM IST

নিউজ ডেস্ক, ৭আগষ্ট: শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে দিল্লীৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ৰেলপথ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰীয় পৰিবহন নিগমক (NCRTC) দিলে অনুমতি ।

মুখ্য ন্যায়াধীশ এচ. এ. ববদেৰ নেতৃত্বত বহা শীৰ্ষ আদালতে দ্ৰুত ট্ৰানজিট প্ৰক্ৰিয়াৰে দিল্লী-আলোৱাৰ আৰু দিল্লী-পানীপথৰ মাজৰ কৰিড'ৰটো নিৰ্মাণৰ বাবে পূৰ্বৰ এক নিৰ্দেশনাক সংশোধন কৰি এই নতুন নিৰ্দেশনা জাৰি কৰিলে ।

উল্লেখ্য যে, দিল্লীৰ যিকোনো সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ৰেলপথৰ নিৰ্মাণ নিষিদ্ধ কৰি ১৯৯৬ চনত উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰিছিল ।

শীৰ্ষ আদালতে দিল্লীৰ মিলেনিয়াম পাৰ্কৰ অন্তৰ্গত এক একৰ ভূমিৰ ভিতৰত এই কৰিড'ৰকেইটা নিৰ্মাণৰ বাবে দিয়ে অনুমতি ।

চলিত বৰ্ষৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে RRTS(Regional Rapid Transit System) যোজনাৰ বাবে ২০১৯-২০ বিত্তীয় বৰ্ষৰ তুলনাত তিনিগুণ বৃদ্ধি কৰি ২,৪৮৭ কোটি টকাৰ আৱন্তন কৰিছিল । উল্লেখ্য যে, ২০১৯-২০ বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ আছিল ৮২৪কোটি টকা ।

এন চি আৰৰ বিভিন্ন চহৰ সমূহক সংলগ্ন কৰিবলৈ আঠটা RRTS নিৰ্ধাৰণ কৰা হৈছিল । ইতিমধ্যে প্লেনিং কমিচনে গঠন কৰি দিয়া টাস্ক ফৰ্চে প্ৰথম ভাগত তিনিটা কৰিড'ৰক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছিল । কৰিড'ৰ কেইটা হৈছে ক্ৰমে, দিল্লী-গাজিয়াবাদ-মেৰট, দিল্লী- গুৰুগ্ৰাম-এচএনবি-আলোৱাৰ আৰু দিল্লী-পানীপথ কৰিড'ৰ ।

লগতে পঢ়ক :নতুন শিক্ষানীতিঃ শিক্ষাৰ্থীৰ কিতাপৰ বোজা হ'ব কম: প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details