অসম

assam

ETV Bharat / bharat

উন্নাও ধৰ্ষণকাণ্ডঃ এসপ্তাহৰ ভিতৰত সমগ্ৰ কাণ্ডৰ তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উন্নাও ধৰ্ষণকাণ্ডৰ ভুক্তভোগীৰ সৈতে হোৱা দুৰ্ঘটনাৰ ঘটনাক লৈ তৎপৰ হৈ পৰিছে উচ্চতম ন্যায়ালয় ৷ অনুসন্ধানকাৰী সংস্থা চিবিআইক 7 দিনৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে ৷ লগতে নিৰ্যাতিতা যুৱতীগৰাকীৰ পৰিয়ালক উত্তৰ প্ৰদেশ চৰকাৰৰ ফালৰ পৰা ২৫ লাখ টকাৰ ক্ষতিপূৰণৰ বাবেও নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়

By

Published : Aug 1, 2019, 5:42 PM IST

নিউজ ডেস্ক, 1 আগষ্টঃ উন্নাও ধৰ্ষণকাণ্ডৰ ভুক্তভোগীৰ সৈতে সংঘটিত প্ৰাণনাশী দুৰ্ঘটনাৰ পিচতে তৎপৰ হৈ পৰিছে উচ্চতম ন্যায়ালয় ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এক বিচাৰপীঠে মুখ্য অনুসন্ধানকাৰী সংস্থা চিবিআইক সাত দিনৰ ভিতৰত অনুসন্ধান কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে ৷ আনহাতেপাঁচটাকৈ গোচৰলক্ষ্ণৌ ন্যায়ালয়ৰ পৰা দিল্লী চিবিআই লৈ বদলি কৰি 45দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈও নিৰ্দেশনা দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে উন্নাও ধৰ্ষণ কাণ্ডৰ ভুক্তভোগীৰ লগতে তেওঁৰ পৰিয়াল আৰু অধিবক্তাক চিআৰপিএফৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰাৰ উপৰিও উত্তৰ প্ৰদেশ চৰকাৰক 25লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশনা দিছে ৷ শেহতীয়াকৈ লক্ষ্ণৌৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা উন্নাও ধৰ্ষণ কাণ্ডৰ ভুক্তভোগী যুৱতীগৰাকীক নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান চমুকৈ এইমছলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰী কৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷

ABOUT THE AUTHOR

...view details