অসম

assam

ETV Bharat / bharat

লকডাউনৰ মাজতে আদালতত বহিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল - লকডাউন

মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এলএন ৰাওৰ নেতৃত্বৰ এখন বিচাৰপীঠে এক পাইলট প্ৰকল্পৰ বাবে লকডাউনৰ মাজতো উচ্চতম ন্যায়ালয়ৰ এটা কোঠাত উপস্থিত হৈ আলোচনাত মিলিত হয় । লকডাউনৰ পিচত এয়া প্ৰথমবাৰৰ বাবে এইদৰে আদালতৰ মজিয়াত উপস্থিত হয় ন্যায়াধীশসকল । অহা সপ্তাহৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে নিজৰ নিজৰ কাৰ্যালয়ত উপস্থিত থাকিব বুলিও জানিব পৰা গৈছে ।

আদালতত বহিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল
আদালতত বহিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল

By

Published : May 12, 2020, 5:05 PM IST

নিউজ ডেস্ক, ১২ মে' : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে লকডাউনৰ পিচত প্ৰথমবাৰৰ বাবে আজি আদালত কক্ষত উপস্থিত হয় ।

এক গোচৰৰ শুনানিত ন্যায়াধীশ এল নাগেশ্বৰা ৰাওৰ বিচাৰপীঠে, জানিবলৈ দিয়ে যে, অহা সপ্তাহৰ পৰা ন্যায়াধীশসকলে নিজৰ নিজৰ আৱাস/চেম্বাৰৰ পৰিৱৰ্তে আদালত কক্ষত উপস্থিত থাকিব ।

এইটো এটা পাইলট প্ৰকল্প আৰু ইয়াৰ বাবে উকীলসকলে আদালত কক্ষলৈ আহিবৰ প্ৰয়োজন নাই, তেওঁলোকে আগৰ দৰেই নিজৰ নিজৰ চেম্বাৰৰ পৰাই এই বিষয়ত বৰ্তমান কৰি থকাৰ দৰেই যুক্তি আগবঢ়াব পাৰিব বুলি তেওঁ লগতে কয় ।

দেশৰ চলিছিটৰ জেনেৰেল তুষাৰ মেহেতাই এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে এই সিদ্ধান্তৰ দ্বাৰা কৰ'ণা ভাইৰাছ যাতে সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কয় ।

দেশত লকডাউন জাৰী কৰাৰ পিচৰে পৰাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ তথা অন্যান্য কৰ্মীসকলে নিজ নিজ গৃহৰ পৰাই কাম কৰি আছিল । অৱশ্যে কেতবোৰ আৱশ্যকীয় কৰ্মী আৰু কেতবোৰ বিভাগৰ ক্ষেত্ৰত এই সিদ্ধান্ত প্ৰয়োগ কৰা হোৱা নাছিল । বিভিন্ন গোচৰৰ শুনানিবোৰ ভিডিঅ' কনফাৰেন্সৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল আৰু এতিয়াও এনেদৰেই শুনানি গ্ৰহণ কৰি থকা হৈছে ।

যদিহে ন্যায়াধীশসকলে পূৰ্ণসংখ্যাৰে তেওঁলোকৰ কাম আৰম্ভ কৰিবলৈ আদালতৰ কক্ষত উপস্থিত হয়, তেতিয়া বহুসংখ্যক গোচৰৰ শুনানি গ্ৰহণ কৰিব পৰা যাব বুলি ন্য়ায়াধীশ নাগেশ্বৰা ৰাওৱে উল্লেখ কৰে ।

লগতে পঢ়কঃলাডাখ সীমান্তত চীনৰ হেলিকপ্টাৰ ! ভাৰতৰ উচিত প্ৰত্যুত্তৰ

ABOUT THE AUTHOR

...view details