নেশ্যনেল ডেস্ক, 8 মে' : উচ্চতম ন্যায়ালয়ে বিদায় জনালে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ দিপক গুপ্তাক ৷ বিদায় সম্ভাষণত তেওঁৰ কাৰ্যকালৰ বিভিন্ন মুহুৰ্ত স্মৰণ কৰে অধিবক্তা আৰু ন্য়ায়াধীশসকলে ৷ দিপক গুপ্তাই তেওঁৰ কাৰ্যকালত প্ৰদৰ্শন কৰা উদাৰ বিচাৰধাৰা, পৰিৱেশ সম্পৰ্কীয় বিষয় আৰু POCSO ঘটনাসমূহৰ বাবে প্ৰদান কৰা বিভিন্ন নিৰ্দেশক সকলোৱে প্ৰশংসা আগবঢ়ায় ৷
ন্যায়াধীশ ডি. ৱাই. চন্দ্ৰচুডে কয়, "ন্যায়পালিকাত অধিক সময় কটোৱাৰ পাচতো গুপ্তাই উদাৰ আৰু মুক্ত বিচাৰ ধাৰা অব্যাহত ৰাখিছে ৷ ন্য়ায়াধীশ গুপ্তা কেতিয়াও তথাকথিত অধিবক্তা নহয়, এজন খোলা মনৰ ব্যক্তি ৷"
জ্যেষ্ঠ অধিবক্তা মুকুল ৰহটোগীয়ে কয়, "এজন ন্য়ায়াধীশে সত্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰদান কৰা বিচাৰৰ বাবে তেওঁক জনা যায় ৷ কিন্তু, এজন ন্যায়াধীশক তেওঁ বাৰ কাউন্সিলৰ বাবে প্ৰদান কৰা অৱদানৰ বাবেও জনা যায় ৷ তেওঁৰ অৱদান যদি ভাল হয়, অধিবক্তাসকলে সদায় তেওঁলোকৰ কনিষ্ঠ অধিবক্তাক এনে ন্য়ায়াধীশৰ উদাহৰণ দিয়ে ৷"