অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত 4G নেটৱৰ্ক বাহাল ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

জম্মু-কাশ্মীৰ চৰকাৰক ৪G নেটৱৰ্কৰ স্পীড বাহাল ৰাখিবলৈ নিৰ্দেশ জাৰি উচ্চতম ন্যায়ালয়ৰ । ন্যায়াধীশ এনভি ৰামানা, ন্যায়াধীশ আৰ সুভাষ ৰেড্ডী, ন্য়ায়ালয় বিআৰ গাভাই বিচাৰ পীঠে ৰাজহুৱা স্বার্থ জড়িত আবেদন (PIL) ভিত্তিত এই নিৰ্দেশ প্ৰদান কৰে ।

By

Published : Apr 9, 2020, 3:21 PM IST

SC issues notice to J&K on restoration of 4G internet
SC issues notice to J&K on restoration of 4G internet

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ জম্মু-কাশ্মীৰ চৰকাৰক ৪G নেটৱৰ্কৰ স্পীড বাহাল ৰাখিবলৈ বৃহস্পতিবাৰে নিৰ্দেশ জাৰি কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে । এক ৰাজহুৱা স্বার্থ জড়িত আবেদনৰ (PIL) ভিত্তিতেই ন্যায়াধীশ এনভি ৰামানা, ন্যায়াধীশ আৰ সুভাষ ৰেড্ডী, ন্য়ায়াধীশ বিআৰ গাভাৰ বিচাৰ পীঠে জম্মু-কাশ্মীৰৰ চৰকাৰক এই নিৰ্দেশ প্ৰদান কৰে ।

অধিবক্তা হুজেফা আহমেদিয়ে উল্লেখ কৰে যে, দেশত এতিয়া লক্ ডাউন আৰু জম্মু-কাশ্মীৰত এই জটিল সময়ত প্ৰযুক্তিৰ আৰু যোগাযোগৰ সুবিধা অতি জৰুৰী । ইয়াৰ লগতে উপযুক্ত প্ৰযুক্তি মাধ্যমৰ জৰিয়তে হে এই সময়ত বহু শিক্ষাৰ্থীয়ে পঢ়া শুনা কৰিব পাৰিব ।

চৰকাৰ তৰফৰ পৰা যুক্তি দৰ্শাবলৈ কোনো উপস্থিত নাছিল এই শুনানী প্ৰক্ৰিয়াত । গতিকে বিচাৰ পীঠে এক সপ্তাহৰ ভিতৰত চৰকাৰৰ পৰা ইয়াৰ উত্তৰ বিচাৰিছে ।

আবেদনকাৰীয়ে আবেদনত উল্লেখিত কৰিছিল যে, জম্মু-কাশ্মীৰত ২G সেৱালৈ নেটৱৰ্ক সীমিত আছে । বৰ্তমান সময়ত এইটো পুৰণি । কৰ'ণা ভাইৰাছৰ সময়ত বাৰ্তা প্ৰেৰণ কৰাটো অতি আৱশ্যকীয় ।

বৰ্তমানলৈকে জম্মু-কাশ্মীৰত ২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৩ জন লোক আক্ৰান্ত হৈছে । আবেদনত তথ্য সংগ্ৰহৰ পৰা বঞ্চিত কৰাটো অযুক্তিকৰ, অনৈতিক আৰু অসাংবিধানিক বুলি উল্লেখ কৰা হৈছে ।

ৰাজহুৱা স্থানত পিকুৱাত নিষেধাজ্ঞা তেলেংগানা চৰকাৰৰ

ABOUT THE AUTHOR

...view details