অসম

assam

By

Published : Jun 3, 2020, 7:53 PM IST

ETV Bharat / bharat

অসমত ILP কাৰ্যকৰী কৰণঃ কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেছন (BEFR) সংশোধন আৰু অসমত ইনাৰ লাইন পাৰ্মিট নাকচ সম্পৰ্কে কৰা আবেদন নাকচ কৰে। আনহাতে অসমৰ বিভিন্ন ছাত্ৰ সন্থাই দাখিল কৰা লেখ আবেদনৰ উত্তৰ বিচাৰিও কেন্দ্ৰলৈ জাননী প্ৰেৰণ কৰে উচ্চতম ন্যায়ালেয় ।

উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়

নিউজ ডেস্ক, 3 জুনঃৰাষ্ট্ৰপতিৰ ঘোষণা পত্ৰ 2019, যিয়ে বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেছন (BEFR) সংশোধন আৰু অসমৰ পৰা ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাক সংশোধন কৰিছিল,এই সম্পৰ্কে স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়লক জনোৱা আবেদন বুধবাৰে নাকচ কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। কিন্তু অসমৰ ছাত্ৰ সন্থাই কৰা আবেদনৰ উত্তৰ বিচাৰি কেন্দ্ৰলৈ জাননী প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে ।

সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে BERF, 1873 সংশোধনৰ বিৰোধিতাৰে কাষ চাপিছিল উচ্চতম ন্য়ায়ালয়ৰ ।

উল্লেখ্য য, CAA আন্দোলনৰ পাচত অসমত ILP অৰ্থাৎ ইনাৰ লাইন ব্যৱস্থা ৰূপায়ণৰ কথা চৰ্চালৈ আহিছিল । কিন্তু চৰকাৰে এই আইন সংশোধন কৰি অসমত ILP প্ৰৱৰ্তনৰ ব্যৱস্থাটো কৰ্তন কৰিছিল । যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ছাত্ৰ সংগঠন কেইটা ।

লগতে চাওকঃ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বাতিল ২৫৬ খন শ্ৰমিক ৰে'ল সেৱা

ABOUT THE AUTHOR

...view details