নেশ্যনেল ডেস্ক, 7 এপ্ৰিল : মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰলৈ প্ৰেৰণ কৰিছে এক জাননী ৷ এন আৰ চিৰ ডিটেনশ্যন কেম্পসমূহত বাস কৰা লোকসমূহৰ ভিৰৰ সমস্যা সম্পৰ্কত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ (PIL) প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই জাননী জাৰি কৰে সৰ্বোচ্চ ন্যায়ালয়ে ৷
উল্লেখ্য যে, তিনিবছৰৰো অধিক সময় ডিটেনশ্যন কেম্পত বাস কৰা লোকসকলক মুক্তি দিবৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক পূৰ্বেই নিৰ্দেশ প্ৰদান কৰিছিল ৷ যিহেতু এই লোকসকলৰ দেশান্তৰকৰণ অসম্ভৱ আৰু অতি অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোক বাস কৰি থকা বাবে লোকসকলক মুক্তি প্ৰদানৰ নিৰ্দেশ জাৰি কৰা হৈছিল ৷