অসম

assam

ETV Bharat / bharat

কৰ্ণাটকৰ মুখ্য়মন্ত্ৰীৰ ভূমি আবণ্টন গোচৰত উচ্চতম ন্য়ায়ালয়ৰ জাননী - SC issues notice to BSY plea seeking quashing of criminal proceedings

উচ্চতম ন্যায়ালয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ ইয়েদিয়ুৰাপ্পাই উচ্চ ন্যায়ালয়ৰ আদেশৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ ওপৰত জাননী জাৰী কৰে । তেওঁৰ বিৰুদ্ধে অবৈধ ভূমি আবণ্টনৰ গোচৰত অপৰাধমূলক প্ৰক্ৰিয়া বাতিল কৰিবলৈ অস্বীকাৰ কৰিছিল উচ্চ ন্য়ায়ালয়ে ।

কৰ্ণাটকৰ মুখ্য়মন্ত্ৰীৰ ভূমি আৱণ্টন গোচৰত উচ্চতম ন্য়ায়ালয়ৰ জাননী
কৰ্ণাটকৰ মুখ্য়মন্ত্ৰীৰ ভূমি আৱণ্টন গোচৰত উচ্চতম ন্য়ায়ালয়ৰ জাননী

By

Published : Jan 27, 2021, 9:46 PM IST

নিউজ ডেস্ক , ২৭ জানুৱাৰী :কৰ্ণাটকৰ মুখ্য়মন্ত্ৰীয়ে উচ্চ ন্য়ায়ালয়ত তেওঁৰ বিৰুদ্ধে থকা ভূমি আবণ্টনৰ এক গোচৰত তেওঁৰ বিৰুদ্ধে অপৰাধমূলক প্ৰক্ৰিয়া চলােৱা বন্ধ কৰিবলৈ আবেদন জনাইছিল । কিন্তু মুখ্য়মন্ত্ৰীগৰাকীৰ এই আবেদন খাৰিজ কৰিছিল উচ্চ ন্য়ায়ালয়ে । ইয়াৰ পিছতে ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ ববদেৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ ইয়েদিয়ুৰাপ্পাৰ দ্বাৰা দাখিল কৰা অপৰাধমূলক প্ৰক্ৰিয়া বাতিলৰ বাবে কৰা আবেদনৰ ওপৰত এক জাননী জাৰী কৰে ।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ ইয়েদিয়ুৰাপ্পাৰ হৈ জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে আদালতত যুক্তি দিছিল যে অভিযোগৰ সময়ত তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ বাবে কোনো আদালতে তেওঁৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব নোৱাৰিব আৰু তেওঁ এতিয়াও মুখ্যমন্ত্ৰী হৈ আছে। ন্যায়াধীশ এএছ বোপান্না আৰু ন্যায়াধীশ ভি ৰামাসুব্ৰমণ্যমৰ গঠিত বিচাৰপীঠে কয় যে প্ৰথমে তেওঁলোকে অভিযোগকাৰীৰ কথা শুনিব বিচাৰে আৰু তাৰ পিছতে জাননী জাৰী কৰিব ।

অধিবক্তা ৰোহতগীয়ে গ্ৰেপ্তাৰৰ ক্ষেত্ৰত স্থগিতাদেশ বিচাৰিছিল যাৰ প্ৰতি মুখ্য় ন্য়ায়াধীশে সঁহাৰি দি কয় যে তেওঁ এগৰাকী বৰ্তমানৰ মুখ্যমন্ত্ৰী গতিকে তেওঁৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰী কোনো কৰিব নোৱাৰে । তেওঁ লগতে কয় যে মুখ্য়মন্ত্ৰীৰ বাবে ৱাৰেণ্ট নহয় অনুৰোধ পত্ৰহে জাৰী কৰা হয় ।

লগতে পঢ়ক :মিজোৰামত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী

ABOUT THE AUTHOR

...view details