নিউজ ডেস্ক, 14 আগষ্ট : উচ্চতম ন্যায়ালয়ত শুকুৰবাৰে ন্যায়াধীশ অৰুণ মিশ্ৰা,ন্যায়াধীশ বি আৰ গবই আৰু ন্যায়াধীশ কৃষ্ণা মুৰাৰীয়ে অধ্যক্ষতা কৰা বিচাৰপীঠে উকিল প্ৰশান্ত ভুষণক অপমানজনক টুইট কৰাৰ বাবে দোষী ঘোষণা কৰে ৷ ইয়াৰ লগতে 20 আগষ্টত এই গোচৰত প্ৰশান্ত ভূষণক দিবলগীয়া শাস্তি সন্দৰ্ভত চৰ্চা কৰা হ‘ব বুলিও কয় ৷
এই গোচৰত ছয় মাহৰ কাৰাবাস,দুই হাজাৰ টকাৰ জৰিমনা নতুবা ইয়াৰ দুয়োটাই হ‘ব পাৰে ৷