নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : বুধবাৰে উচ্চতম ন্যায়ালয়ে প্ৰাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি. চিদাম্বৰমৰ জামিন মঞ্জুৰ কৰে ৷ আই এন এক্স মিডিয়া গোচৰত ধন আত্মসাতৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ৷
বুধাবাৰে 10.30 বজাত আৰ. বানুমাথি, এএছ বোপান্না আৰু ঋষিকেশ ৰয়ৰ তিনিজনীয়া বিচাৰপীঠে এই ৰায়দান কৰে ৷ উল্লেখ্য যে, 28 নৱেম্বৰত চিদাম্বৰমে দাখিল কৰা প্ৰতিবেদনৰ ৰায়দান সংৰক্ষিত কৰি ৰখা হৈছিল ৷ ন্যায়াধীশ আৰ. বানুমাথিয়ে চিদাম্বৰম আৰু এনফ'ৰ্চমেন্ট ডাৰেক্টৰেটৰ অধিবক্তাৰ শুনানি গ্ৰহণৰ পাচতে ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল ৷