নেশ্যনেল ডেস্ক, 13 এপ্ৰিল : COVID-19 লকডাউনৰ ফলত দূৰ্ভোগ ভুগিবলগা হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেনেধৰণৰ কাৰ্যপন্থা তথা পদক্ষেপ গ্ৰহণ কৰিছে সেই সম্পৰ্কে নিৰীক্ষণ কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ. এ. ববডেৰ নেতৃত্বত গঠিত এক বিচাৰক মণ্ডলীয়ে ৷
দিল্লী চৰকাৰে প্ৰতিজন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে 5000 টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ উদাহৰণ দাঙি ধৰি বিচাৰক মণ্ডলীয়ে, কেন্দ্ৰীয় চৰকাৰে এনে শ্ৰমিকৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰশ্ন কৰে ৷ যদিহে শ্ৰমিকসকলক পাৰিশ্ৰমিক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেন্তে শপতনামাত কেৱল খাদ্য আৰু আশ্ৰয়ৰ কথাহে কিয় উল্লেখ কৰা হৈছে বুলিও প্ৰশ্ন কৰে উচ্চতম ন্য়ায়ালয়ে ৷
সমাজকৰ্মী হৰ্ষ মান্দেৰ হৈ ওকালতি কৰা অধিবক্তা প্ৰশান্ত ভূষণে কয় যে, যদি আশ্ৰয় শিৱিৰত খাদ্যৰ বাবে এনে লোকৰ ভিৰ বৃদ্ধি পাইছে তেন্তে তেওঁলোকৰ সুৰক্ষা চৰকাৰে কেনেদৰে নিশ্চিত কৰিব ৷
বিচাৰক মণ্ডলীয়েও কেন্দ্ৰীয় চৰকাৰক একেধৰণৰ প্ৰশ্ন উত্থাপন কৰি কয় যে, শ্ৰমিকসকলক কিমান টকা প্ৰদান কৰা হৈছে ৷ ইয়াৰোপৰি, শ্ৰমিকসকলে শ্ৰমদান কৰা উদ্যোগসমূহ পুনৰ আৰম্ভ কৰা হ'ব নে নহয় সেই সম্পৰ্কতো মুখ্য ন্যায়াধীশ গৰাকীয়ে কেন্দ্ৰক প্ৰশ্ন কৰে ৷