অসম

assam

ETV Bharat / bharat

ৰাজস্থান চৰকাৰৰ আবেদনক খাৰিজ উচ্চতম ন্যায়ালয়ৰ - জয়পুৰ, যোধপুৰ আৰু কোটা পৌৰ নিগমৰ নিৰ্বাচন

উচ্চতম ন্যায়ালয়ে জয়পুৰ, যোধপুৰ আৰু কোটা পৌৰ নিগমৰ নিৰ্বাচনৰ তাৰিখ বৃদ্ধি কৰাৰ আবেদনত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি বৃহস্পতিবাৰে ৰাজস্থান নিৰ্বাচন আয়োগক এক সপ্তাহৰ ভিতৰত নিৰ্বাচনী কাৰ্যসূচী অধিসূচনা জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে।

SC dismisses Rajasthan government's plea to postpone municipal elections
ৰাজস্থান চৰকাৰৰ আবেদনক খাৰিজ উচ্চতম ন্যায়ালয়ৰ

By

Published : Oct 8, 2020, 5:53 PM IST

নতুন দিল্লী, ৮ অক্টোবৰঃ উচ্চতম ন্যায়ালয়ে জয়পুৰ, যোধপুৰ আৰু কোটা পৌৰ নিগমৰ নিৰ্বাচনৰ তাৰিখ বৃদ্ধি কৰাৰ আবেদনত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি বৃহস্পতিবাৰে ৰাজস্থান নিৰ্বাচন আয়োগক এক সপ্তাহৰ ভিতৰত নিৰ্বাচনী কাৰ্যসূচী অধিসূচনা জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ এ এম খানউইলকাৰৰ নেতৃত্বৰ এখন বিচাৰ পীঠে ৰাজস্থান চৰকাৰক পৌৰ নিৰ্বাচনৰ তাৰিখ বৃদ্ধিৰ বাবে এখন আবেদন পত্ৰ দিবলৈ কৈছিল। বিচাৰ পীঠে কয় যে, "আমি ৰাজ্যৰ নিৰ্বাচন আয়োগক আজিৰ পৰা এক সপ্তাহৰ ভিতৰত নিৰ্বাচনীয় কাৰ্যসূচী অধিসূচনা জাৰি কৰিবলৈ নিৰ্দেশ দিছোঁ" ।

ৰাজ্য চৰকাৰে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ত উক্ত আবেদন দাখিল কৰিছিল ৷ য‘ত জয়পুৰ, যোধপুৰ আৰু কোটা পৌৰ নিগমৰ বাবে ২০২০ চনৰ ৩১ অক্টোবৰৰ পৰা ২০ মাৰ্চ, ২০২১লৈ নিৰ্বাচনৰ তাৰিখ বৃদ্ধি ৰখাৰ বাবে ইয়াৰ আবেদন খাৰিজ কৰিছিল ৰাজস্থান উচ্চ ন্যায়ালয়ে ।

উল্লেখ্য যে, তিনিখন পৌৰ নিগমত নিৰ্বাচন নৱেম্বৰ 2019 ত হোৱাৰ কথা আছিল কিন্তু প্ৰথমে ৱাৰ্ডৰ সীমাবদ্ধতাৰ বাবে স্থগিত কৰা হৈছিল আৰু পুনৰ ক‘ভিড-19 মহামাৰীৰ বাবে স্থগিত ৰখা হয়। তাৰ পিছত চৰকাৰে আদালতক আশ্বৰ্য দিছিল যে, ছয় মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব।

লগতে পঢ়ক: 3 ঘণ্টাত 250 কি:মি: এম্বুলেঞ্চ চলায় শিশুৰ জীৱন বচালে এজন চালকে

ABOUT THE AUTHOR

...view details