অসম

assam

By

Published : Aug 21, 2020, 3:14 PM IST

ETV Bharat / bharat

ৰঞ্জন গগৈৰ বিৰুদ্ধে তদন্ত বিচাৰি দাখিল হোৱা আৱেদন খাৰিজ উচ্চতম ন্য়ায়ালয়ৰ

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে তদন্ত বিচাৰি দাখিল কৰা আবেদন ৷ 2018 চনত অৰ্থাৎ ৰঞ্জন গগৈ উচ্চতম ন্যায়ালৰ ন্যায়ধীশৰূপে কৰ্মৰত সময়ত ক্ষমতাৰ অপ-প্ৰয়োগ তথা শুনানিত ভুল সিদ্ধান্ত লোৱা বুলি অভিযোগ উত্থাপন কৰে আবেদনকাৰীয়ে ৷

ৰঞ্জন গগৈ
ৰঞ্জন গগৈৰ বিৰুদ্ধে তদন্ত বিচাৰি দাখিল হোৱা আৱেদন খাৰিজ উচ্চতম ন্য়ায়ালয়ৰ

নিউজ ডেস্ক, 21 আগষ্টঃভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন খাৰিজ ৷ উচ্চতম ন্যায়ালৰ ন্যায়ধীশৰ পদত থকা সময়ত তেখেতৰ ক্ষমতাৰ অপ-প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰে আবেদন ৷ দুই বছৰ পূৰ্বে তথা 2018 চনত দাখিল কৰা হৈছিল এই আবেদন ৷ তেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশৰূপে কৰ্মৰত আছিল ৰঞ্জন গগৈ ৷ এটা ঘটনাৰ শুনানিত ভুল সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰিয়েই আবেদন দাখিল কৰে ৰঞ্জন গগৈৰ বিৰুদ্ধে ৷

ৰঞ্জন গগৈ উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ লোৱা বুলি প্ৰকাশ কৰিয়ে শুকুৰবাৰে আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে ৷ লগতে ন্যায়ালয়ে কয় যে, বিগত 1 বছৰ ধৰি এই আবেদনৰ শুনানিৰ বাবে আবেদনকাৰীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে ৷ কিন্তু এতিয়া গগৈ অৱসৰ গ্ৰহণ কৰাৰ পাচত ঘটনাৰ শুনানিৰ বাবে গুৰুত্ব প্ৰদান কৰে ৷

লগতে পঢ়কঃচলিত বৰ্ষত কেদাৰনাথৰ 'মোডী গুহা'ত নাই এজনো পৰ্যটক

ABOUT THE AUTHOR

...view details