অসম

assam

ETV Bharat / bharat

CBSEৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা বাতিলৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ - চিবিএছইৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা বাতিলৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা বাতিলৰ আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে । ক'ভিড-১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে পৰীক্ষা বাতিলৰ আবেদন ৮০০ৰো অধিক শিক্ষাৰ্থীৰ।

চিবিএছইৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা বাতিলৰ আবেদন খাৰিজ
চিবিএছইৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা বাতিলৰ আবেদন খাৰিজ

By

Published : Aug 20, 2020, 5:05 PM IST

নেশ্য়নেল ডেস্ক:২০আগষ্টঃ ক'ৰোনা মহামাৰীৰ সংহাৰৰ পৰিপ্ৰেক্ষিতত বিগত কেইবামাহো ধৰি শিক্ষানুষ্ঠানসমূহত পাঠদান বন্ধ হৈ পৰিছে। এই ভয়াৱহ পৰিস্থিতিৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। চিবিএছইৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা বাতিলৰ বাবে জনোৱা আবেদন বৃহস্পতিবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। ক'ভিড-১৯ৰ বাবে চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা বাতিলৰ বাবে অল ষ্টুডেণ্ট এছ'চিয়েছনৰ নেতৃত্বত আবেদন জনাইছিল ৮০০ৰো অধিক শিক্ষাৰ্থীয়ে। ন্যায়াধীশ এএম খানৱিলকাৰৰ নেতৃত্বত গঠিত বিচাৰপীঠে বৃহস্পতিবাৰে শুনানিত পৰীক্ষা বাতিলৰ আবেদন খাৰিজ কৰে। ইয়াৰ পূৰ্বে পৰীক্ষা বাতিল সন্দৰ্ভত ন্যায়াধীশে চিবিএছইৰ লগত আলোচনা কৰিবলৈ শিক্ষাৰ্থীসকলক পৰামৰ্শ দিছিল। শিক্ষাৰ্থীৰ উজ্জল ভৱিষ্যতৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাতো প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছিল চিবিএছইয়ে।

ABOUT THE AUTHOR

...view details