দিল্লী, 8 জুলাইঃ মছজিদৰ ভিতৰত মহিলা প্ৰৱেশৰ অনুমতি বিচাৰি দাখিল কৰা আৱেদন নাকচ উচ্চতম ন্যায়ালয়ৰ ৷ মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন এক বিচাৰপীঠে নাকচ কৰে এই আৱেদন ৷
প্ৰসংগঃ মছজিদত মহিলাৰ প্ৰৱেশ ! কি ৰায় উচ্চতম ন্যায়ালয়ৰ !
মছজিদৰ ভিতৰত মহিলা প্ৰৱেশৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে হিন্দু মহাসভা
প্ৰসংগঃ মছজিদত মহিলাৰ প্ৰৱেশ! কি ৰায় উচ্চতম ন্যায়ালয়ৰ!
"প্ৰথমে এগাৰকী মুছলমান মহিলা আহিবলৈ দিওক তাৰ পিছত আমি আলোচনা কৰিম ৷ " বুলি উল্লেখ কৰি এই আৱেদন নাকচ কৰে ন্যায়ালয়ে ৷
অখিল ভাৰত হিন্দু মহাসভাৰ কেৰালা ইউনিটৰ সভাপতি স্বামী দেথাথ্ৰেয়া সাই স্বৰূপ নাথে প্ৰৱেশৰ অনুমতি বিচাৰি দাখিল কৰিছিল এই আৱেদন ৷ কেৱল এয়াই নহয়, মুছলমান মহিলাৰ মুখমণ্ডল আৱৰি ৰখাৰ বিৰোধিতা কৰিও কেৰালা উচ্চ ন্যায়ালয়ত এক আৱেদন দাখিল কৰিছিল যদিও আদালতে খাৰিজ কৰে সেই আৱেদন ৷