অসম

assam

ETV Bharat / bharat

বিদেশী নাগৰিকঃ অসম চৰকাৰলৈ নিৰ্দেশনা প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ

অসমৰ বিভিন্ন শৰণাৰ্থী শিৱিৰত বন্দী হৈ থকা বিদেশী নাগৰিকৰ মুকলিৰ বাবে অসম চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে ৷

বিদেশী নাগৰিকঃ অসম চৰকাৰলৈ নিৰ্দেশনা প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ

By

Published : Apr 11, 2019, 8:52 PM IST

নিউজ ডেস্ক, 11 এপ্ৰিলঃ দেশৰ উচ্চতম ন্যায়ালয়ে অসম চৰকাৰৰ পৰা বিদেশী নাগৰিক সন্দৰ্ভত শপতনামা বিছাৰি এক নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ অসম চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰলৈ প্ৰেৰণ কৰা এই নিৰ্দেশনাত শৰণাৰ্থী শিৱিৰত বন্দী হৈ থকা বিদেশী নাগৰিকৰ মুকলি সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে ৷

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ দ্বাৰা গঠিত এখন খণ্ড বিচাৰপীঠে বিগত মঙলবাৰেই অসম চৰকাৰলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দীপক গুপ্তা আৰু ন্যায়াধীশ সঞ্জয় খান্নাৰ দ্বাৰা গঠিত বিচাৰপীঠখনে শৰণাৰ্থী শিৱিৰত এইদৰে অনিৰ্দিষ্টকালীন সময়লৈ বিদেশী নাগৰিকসকলক ৰাখিব নোৱাৰে আৰু এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগক এইসকল লোকৰ মুকলিৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰে ৷

মানৱ অধিকাৰ কৰ্মী হৰ্ষ মান্দাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত, বিগত মঙলবাৰে সমগ্ৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰে ৷ শুনানিৰ সময়তে সৰ্বোচ্চ ন্যায়ালয়ে, অসম চৰকাৰলৈ এইসকল লোকৰ মুকলি সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰী কৰি অবৈধ বিদেশীৰ পৰিৱৰ্তে শৰণাৰ্থী হিচাপে ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷

বিগত ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখে উক্ত আবেদনৰ শুনানিৰ সময়ত অধিবক্তা প্ৰশান্ত ভুষণে আদালতৰ ওচৰত মান্দাৰৰ হৈ ওকালতি কৰিছিল আৰু কৈছিল যে, অধিকসংখ্যক বিদেশী নাগৰিকে 8 ৰপৰা 9 বছৰলৈ শৰণাৰ্থী শিৱিৰত আছে আৰু তেঁওলোকৰ সময়সীমা শেষ হোৱাৰ পিচটো এতিয়ালৈকে শৰণাৰ্থী শিৱিৰতে ৰখাই থোৱা হৈছে ৷

ABOUT THE AUTHOR

...view details