অসম

assam

ETV Bharat / bharat

শিখবিৰোধী সংঘৰ্ষৰ অভিযুক্তৰ অন্তৱৰ্তীকালীন জামিন নাকচ - 1984 চনৰ শিখবিৰোধী সংঘৰ্ষ

1984 চনৰ শিখবিৰোধী সংঘৰ্ষৰ অভিযুক্তৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে ৷ কোভিড-19ত আক্ৰান্ত হোৱাৰ বাবেই এইদৰে উচ্চতম ন্য়ায়ালয়ত জামিন আবেদন কৰিছিল মহেন্দৰ সিং যাদৱ নামৰ অভিযুক্তগৰাকীয়ে ৷ উচ্চতম ন্যায়ালয়ে কোভিড-19ত আক্ৰান্ত ব্যক্তিসকল যিহেতু কাৰো সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰ বাবেই জামিন আবেদন নাকচ কৰে ৷

SC denies interim bail to 1984 anti-Sikh riots convict
শিখবিৰোধী সংঘৰ্ষৰ অভিযুক্তৰ অন্তৱৰ্তীকালীন জামিন নাকচ

By

Published : Jul 1, 2020, 3:57 PM IST

নিউজ ডেস্ক, 1 জুলাই : শিখবিৰোধী সংঘৰ্ষত অভিযুক্ত মহেন্দৰ সিং যাদৱ নামৰ ব্যক্তিগৰাকীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা জামিন আবেদন নাকচ কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷ 1984 চনৰ শিখবিৰোধী সংঘৰ্ষত অভিযুক্ত যাদৱে উচ্চতম ন্যায়ালয়ত অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন কৰিছিল ৷

মহেন্দৰ সিং যাদৱৰ অধিবক্তা বসন্ত ফুলকাই সংবাদমাধ্যমক জনোৱা মতে, মহেন্দৰ সিং যাদৱ কোভিড-19ত আক্ৰান্ত হৈছে আৰু বৰ্তমানে তেওঁক আইচিইউত ৰখা হৈছে ৷ তেওঁক ৰখা ৱাৰ্ডৰ বাহিৰত সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে দুগৰাকী কনিষ্টবল নিযুক্ত কৰা হৈছে আৰু তেওঁৰ পৰিয়ালৰ লোকে তেওঁক দেখা কৰিব বিচাৰি আছে বুলিও জনায় অধিবক্তা ফুলকাই ৷

অধিবক্তাগৰাকীৰ প্ৰত্যুত্তৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীয়ে কয় যে, "নিয়ম অনুসৰি, কোভিড-19 আক্ৰান্ত লোকক কোনেও দেখা কৰিব নোৱাৰে আৰু তেওঁক বন্দী কৰি ৰখা হৈছে আৰু ইয়াৰ বাবেই আমি তেওঁক জামিন প্ৰদান কৰিব নোৱাৰো ৷"

সাধাৰণতে কোভিড-19 আক্ৰান্ত লোকৰ পৰিয়ালৰ লোকক চিকিৎসালয়ত যাবলৈ দিয়া নহয় ৷

শীৰ্ষ আদালতে লগতে কয় যে, যাদৱৰ আবেদনত চিকিৎসাজনিত কোনো অভিযোগ নাছিল আৰু তেওঁৰ পৰিয়ালৰ লোকৰ বিষয়েও কোনো কথা উল্লেখ কৰা হোৱা নাছিল ৷ এনে অৱস্থাত সাধাৰণ পৰিস্থিতি আৰু নিয়ম পালন কৰিবলৈ শীৰ্ষ আদালতে যাদৱৰ অন্তৱৰ্তীকালীন জামিন আবেদনখন নাকচ কৰে ৷

লগতে পঢ়কঃচ'প'ৰে সন্ত্ৰাসবাদী আক্ৰমনস্থলীৰ পৰা এটি ৩ বছৰীয়া শিশু উদ্ধাৰ

ABOUT THE AUTHOR

...view details