নেশ্যনেল ডেস্ক, ১৯ জুন : ওড়িষ্যা চৰকাৰে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । উচ্চতম ন্যায়ালয়ে এইবাৰ ওড়িশাত ৰথযাত্ৰা আয়োজন নকৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ পিছতে ওড়িষ্যা চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশ মানি লয় ।
এই নিৰ্দেশ সন্দৰ্ভত শুকুৰবাৰে পুৰী গোৱৰ্ধন মুট শংকৰাচাৰ্য নিশ্চলানড় সৰস্বতীয়ে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক মানি লয় আৰু গালৱানত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে তেওঁ কয় যে, ‘ৰথযাত্ৰাত অনুষ্ঠানসমূহ কিদৰে অনুষ্ঠিত কৰিব পৰা যাব এই সন্দৰ্ভত ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰা উচিত ।'