নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ:উচ্চতম ন্যায়ালয়ে বুধবাৰে সংশোধিত নাগৰিকত্ব আইনৰ সাংবিধানিক বৈধতা পৰীক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কিন্তু ইয়াৰ কাৰ্যক্ৰম স্থগিত কৰাৰ কথা অস্বীকাৰ কৰিছে ৷ এই আইনে পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ অমুছলমান প্ৰবাসীসকলক ভাৰতীয় নাগৰিকৰ অধিকাৰ প্ৰদান কৰিব ৷ শীৰ্ষ আদালতে নাগৰিকত্ব (সংশোধিত) আইনক প্ৰত্যাহ্বান জনোৱা আবেদনকাৰীৰ এটা গোটক কেন্দ্ৰ কৰি কেন্দ্ৰলৈ এখন জাননী জাৰি কৰিছে ৷
মুখ্য ন্যায়াধীশ এচ.এ ববডেআৰু ন্যায়াধীশ বি.আৰ গাৱাই আৰু ন্যায়াধীশ সূৰ্য কান্তে 59টা আবেদন স্থিৰ কৰিছে,য'ত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ আৰু কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ দ্বাৰা ভৰ্তি কৰোৱা হৈছে ৷ ইয়াক অহা বৰ্ষৰ 22 জানুৱাৰীলৈ শুনানিৰ বাবে ৰখা হৈছে ৷
এই আইনখনৰ বিষয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ইটিভি ভাৰতক কয় যে,এই আইখন অসমৰ বাবে অতি বিপদজনক,কিয়নো বাংলাদেশৰ একেবাৰে নিকটতম স্থানত অসমৰ অৱস্থান ৷ এই আইনখনে উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি,ঐতিহ্য আৰু জনসংখ্যাৰ ক্ষেত্ৰত বিৰুপ প্ৰভাৱ পেলাব ৷
ভাৰতীয় জনতা পাৰ্টীৰ নেতা আৰু অধিবক্তা অশ্বিনী উপাধ্যায়ে কয,নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা নহয় আৰু এই আইনক প্ৰত্যাহ্বান জনোৱা 60খন আবেদনৰ শুনানিৰ তাৰিখ 22জানুৱাৰী ধাৰ্য কৰা হৈছে ৷ তাৰোপৰি তেওঁ কয় যে, ন্যায়াধীশৰ আদেশ জনসাধাৰণক 'নাগৰিকত্ব সংশোধনী আইন'ৰ লক্ষ্য, উদ্দেশ্য আৰু ভাল দিশবোৰৰ বিষয়ে অৱগত কৰিবলৈ সংবাদ মাধ্যম সমূহত প্ৰচাৰ আৰু প্ৰকাশ কৰিব লাগে ৷ আবেদনকাৰী
আবেদনকাৰী সকলৰ অন্যতম ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে তেওঁলোকৰ আবেদনকাৰী উল্লেখ কৰে যে, এই আইনখনে সমতাৰ মৌলিক অধিকাৰক উলংঘা কৰিছে আৰু ধৰ্মৰ ভিত্তিত একাংশ অবৈধ প্ৰবাসীক নাগৰিকতা প্ৰদানৰ সিদ্ধান্ত লৈছে ৷
সংসদে এই আইনখনক অনুমতি প্ৰদান কৰিছে, যি আইনে 2014 চনৰ 31 ডিচেম্বৰ আৰু তাৰ আগতে অহা হিন্দু,পাৰ্চী,শিখ,জৈন আৰু বুদ্ধ ধৰ্মৰ লোকসকলক নাগৰিকত্বৰ অধিকাৰ পৰ্দান কৰিব ৷