অসম

assam

শাৰিৰীক উপস্থিতিৰে আদালত আৰম্ভ কৰাৰ চিন্তা চৰ্চা উচ্চতম ন্যায়ালয়ৰ

By

Published : Aug 12, 2020, 9:38 PM IST

সাত গৰাকী ন্যায়াধীশকে ধৰি দেশৰ মুখ্য ন্যায়াধীশৰ এখন সমিতিয়ে অহা সপ্তাহৰ পৰা অতি কমেও দুই অথবা তিনি দিনৰ বাবে শাৰিৰীক ভাৱে উপস্থিত থাকি আদালতৰ কাম কাজ আৰম্ভ কৰিবৰ বাবে কৰিছে চিন্তা চৰ্চা । মহামাৰী ক'ৰণাৰ সংক্ৰমণৰ ৰোধৰ বাবে স্থগিত ৰখা হৈছিল শাৰিৰীক উপস্থিতিৰে আদালতৰ কাম কাজ ।

SC considers starting few physical courts from next week
শাৰিৰীক উপস্থিতিৰে আদালত আৰম্ভ কৰাৰ চিন্তা চৰ্চা উচ্চত্বম ন্যায়ালয়ৰ

নিউজ ডেস্ক,১২ আগষ্ট: দেশৰ মুখ্য ন্যায়াধীশ গৰাকীৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ সাত গৰাকীকৈ ন্যায়াধীশৰ উপস্থিতিত গঠন হোৱা এখন সমিতিয়ে মংঙলবাৰে আযোজিত এক আলোচনা চক্ৰৰ অন্তত প্ৰয়োজনীয় পদক্ষেপেৰে শাৰিৰীক ভাৱে উপস্থিত থাকি আদালতৰ কাম-কাজ পুনৰ আৰম্ভ কৰাৰ বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰে ।

ন্যায়াধীশ কেইগৰাকীৰ দ্বাৰা গঠিত সমিতিয়ে সপ্তাহটোত দুই অথবা তিনি দিনৰ বাবে শাৰিৰীক ভাৱে উপস্থিত থাকি আদালতৰ কাৰ্যাৱলী আৰম্ভ কৰিবৰ বাবে বিষয়টো গুৰুত্ব সহকাৰে চিন্তা-চৰ্চা কৰা বুলি জানিব পৰা গৈছে । লগতে আদালতৰ কাৰ্যাৱলী সুকলমে চলাই নিবৰ বাবে এই সময়চোৱাত আদালতত শাৰিৰীক ভাৱে উপস্থিত হোৱা সকলৰ নাম পঞ্জীয়নৰ কৰাৰ বাবেওঁ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব । এই দৰে ক'লে চুপ্ৰিম ক'ৰ্ট এডভ'কেটচ্ অন ৰেকৰ্ডচ্ এচ'চিয়েশ্ব্যনে( SCORA) ।

মঙ্গলবাৰে অনুস্থিত ন্যায়াধীশ সকলৰ এই আলোচনাত চুপ্ৰিম ক'ৰ্ট বাৰ এচ'চিয়েশ্ব্যন (SCBA)ৰ সভাপতি গৰাকীয়েও কৰিছিল অংশ গ্ৰহণ ।

SCORAৰ সভাপতি শিৱাজী এম যাদৱ আৰু SCBAৰ সভাপতি তথা উচ্চত্বম ন্যায়ালয়ৰ জ্যেষ্ঠ আইনজ্ঞ দুশ্যন্ত দেৱে মহামাৰী ক'ৰণাৰ বাবে স্বাস্থ্য বিভাগে দিয়া সকলো পৰামৰ্শ গ্ৰহণ কৰি অতি শীঘ্ৰেই শাৰিৰীক ভাৱে উপস্থিত থাকি আদালতৰ কাৰ্যাৱলী সমাপন কৰাৰ পোষকতা কৰে ।

SCORAয়ে এই বুলিও উল্লেখ কৰিলে যে, যদিহে শাৰিৰীক উপস্থিতিৰে আদালতৰ শুনানি গ্ৰহণ কৰাটো সম্ভৱ হয়, তথাপিও জনতাই ভাৰ্চুৱেল শুনানি দিয়াৰো সুযোগ লাভ কৰিব পাৰিব ।

প্ৰথমে লক ডাউনৰ পূৰ্বে প্ৰকাশিত চুড়ান্ত শুনানিৰ তালিকাৰ বিষয় সমূহ শাৰিৰীক ভাৱে উপস্থিতিৰ আদালতত তালিকা ভুক্ত কৰা হ'ব আৰু এই বিষয় সমূহৰ চুড়ান্ত ৰায়দান এক অথবা দুদিনৰ ভিতৰত গ্ৰহণ কৰিব । এইদৰে জনালে SCORAয়ে ।

উল্লেখ্য যে, মহামাৰী ক'ৰণাৰ সংক্ৰমণ ৰোধৰ বাবে উচ্চত্বম ন্যায়ালয়ে আদালতত শাৰিৰীক উপস্থিতি বাৰণ কৰাৰ লগতে বহু শুনানি স্থগিত কৰি ৰাখিছিল ।

ABOUT THE AUTHOR

...view details