অসম

assam

ETV Bharat / bharat

অযোধ্যা বিবাদঃনিৰ্মোহী আখাৰাক তথ্যচিত্ৰ প্ৰদৰ্শনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - Possesion

উচ্চতম ন্যায়ালয়ত ৰাম জন্মভূমি-বাবৰি মছজিদ ভূমি বিবাদক লৈ শুনানি চলি আছে ৷ তৃতীয়দিনাৰ শুনানিত নিৰ্মোহী আখাৰাক অযোধ্যাৰ ভূমিত নিজৰ স্বত্বাধিকাৰ প্ৰমাণ কৰিবলৈ তথ্যচিত্ৰ প্ৰদৰ্শন আৰু মৌখিক প্ৰমাণ দাখিল কৰিবলৈ নিৰ্দেশনা দিয়ে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷

নিৰ্মোহী আখাৰাক তথ্যচিত্ৰ প্ৰদৰ্শনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

By

Published : Aug 8, 2019, 12:43 PM IST

নিউজ ডেস্ক, 8 আগষ্টঃ ৰাম জন্মভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ দ্বিতীয় দিনাৰ শুনানিৰ অন্ত পৰাৰ পিচত আজি অনুষ্ঠিত হৈছে তৃতীয় দিনাৰ শুনানি ৷ দ্বিতীয় দিনৰ শুনানিত নিৰ্মোহী আখাৰাৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল আৰু অযোধ্যাতে ৰামৰ জন্ম হৈছিল বুলি উল্লেখ কৰিছিল ৷ তৃতীয় দিনা আৰম্ভ হোৱা শুনানিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আখাৰাক সাক্ষ্যৰ প্ৰমাণস্বৰূপে তথ্যচিত্ৰ আৰু মৌখিক প্ৰমাণ দাখিল কৰিবলৈ নিৰ্দেশনা দিয়ে ৷

নিৰ্মোহী আখাৰাক তথ্যচিত্ৰ প্ৰদৰ্শনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উল্লেখ্য যে, বিগত ৮ মাৰ্চত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এফ এম আই কালীফুল্লাৰ অধ্যক্ষতাত তিনিজনীয়া মধ্যস্থতাকাৰী কমিটি গঠন কৰা হৈছিল ৷ ন্যায়াধীশ কালীফুল্লা নেতৃত্বাধীন কমিটিয়ে প্ৰায় চাৰি মাহ ধৰি বিবাদৰ সমাধানসূত্ৰ উলিওৱাৰ চেষ্টা চলাইছিল ৷ অযোধ্যাৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ ফৈজাবাদত সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনাত বহিছিল কমিটিখনে ৷ বিগত ১৮ জুলাইত উচ্চতম ন্যায়ালয়ে কমিটিখনক ৩১ জুলাই বা ১ আগষ্টৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা দিছিল ৷ পৰৱৰ্তী সময়ত কমিটিয়ে ৰাম জন্মভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ গ্ৰহণযোগ্য সমাধান উলিওৱাত ব্যৰ্থ হোৱাৰ পিচতেই দৈনিক শুনানিৰ সিদ্ধান্ত লয় উচ্চতম ন্যায়ালয়ে ৷

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া খণ্ড বিচাৰপীঠে অযোধ্যা বিবাদৰ শুনানি গ্ৰহণ কৰি আছে ৷

ABOUT THE AUTHOR

...view details