অসম

assam

By

Published : Jul 7, 2020, 4:37 PM IST

ETV Bharat / bharat

শিশু আশ্ৰয় গৃহৰ ৰিপ'ৰ্ট প্ৰদান কৰিবলৈ চাৰি ৰাজ্যক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

মংগলবাৰে উচ্চতম ন্যায়ালয়ে বিহাৰ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু ত্ৰিপুৰা সহ চাৰিখন ৰাজ্যৰ চৰকাৰক আশ্ৰয় গৃহ সমূহত গ্ৰহণ কৰা পদক্ষেপ আৰু পৰিস্থিতিৰ সকলো ৰিপ'ট উচ্চতম ন্যায়ালয়ক দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । তামিলনাডুৰ চেন্নাইৰ এটা আশ্ৰয় গৃহত ৩৫ গৰাকী শিশুৰ কোভিড-১৯ পজিটিভ পোৱাৰ পিচতে উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । লগতে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে তামিলনাডুৰ উক্ত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

sc-asks-four-states-to-file-status-report-on-covid-19-precautions-at-childrens-shelter-homes
sc-asks-four-states-to-file-status-report-on-covid-19-precautions-at-childrens-shelter-homes

নিউজ ডেস্ক, ৭ জুলাই : মহামাৰী কৰ'ণা ভাইৰাছ সম্পৰ্কত মংগলবাৰে উচ্চতম ন্যায়ালয়ে বিহাৰ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু ত্ৰিপুৰা সহ চাৰিখন ৰাজ্যৰ চৰকাৰক আশ্ৰয় গৃহ সমূহত গ্ৰহণ কৰা পদক্ষেপ আৰু পৰিস্থিতিৰ সকলো ৰিপো'ৰ্ট উচ্চতম ন্যায়ালয়ক দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । তামিলনাডুৰ চেন্নাইৰ এটা আশ্ৰয় গৃহত ৩৫ গৰাকী শিশুৰ কোভিড-১৯ পজিটিভ পোৱাৰ পিচতে উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । লগতে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে তামিলনাডুৰ উক্ত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । আনহাতে, বৰ্তমান গৃহটোৰ পৰিস্থিতি আৰু শিশু সকলৰ স্বাস্থ্য তথা সকলো পৰিস্থিতিৰ ৰিপো'ৰ্ট ন্যায়ালয়ক প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

আনহাতে, এই ঘটনাৰ পিচত আদালতে উক্ত চাৰিখন ৰাজ্যৰ শিশু গৃহৰ সকলো পৰিস্থিতি, লগতে কৰ'ণা ভাইৰাছৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আৰু শিশু সকলৰ স্বাস্থ্য সম্পৰ্কীয় সকলো তথ্য ন্যায়ালয়ক প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

ন্যায়ালয়ৰ নিৰ্দেশৰ পিচতে তামিলনাডু চৰকাৰৰ অধিবক্তা বালাজী শ্ৰীনিবাসনে সক্ৰমিত আশ্ৰয় গৃহৰ পৰিস্থিতি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক অৱগত কৰে । লগতে ন্যায়ালয়ক প্ৰতিশ্ৰুতি প্ৰদান কৰে যে, সক্ৰমিত সকলো শিশুৰ নিৰাপত্তা আৰু ভাইৰাছ প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ক্ৰোটি নাৰাখে ।

ইফালে, ন্যায়মূত্ৰী ৰাবে জনাই যে, গৌৰব আগৰাৱলক এই তদন্তৰ মুখ্য বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে । সকলো ৰাজ্যই শুকুৰবাৰৰ আগতে প্ৰতিবেদন দাখিল কৰিব লাগিব । কিয়নো এই তদন্তৰ শুনানী সোমবাৰলৈ কৰা হ'ব । লগতে, ন্যায়ধীশ গৰাকীয়ে উত্তৰ প্ৰদেশৰ কানপুৰৰ এটা সক্ৰমিত শিশু গৃহ সম্পৰ্কতো উত্তৰ প্ৰদেশৰ অধিবক্তাৰ সৈতে বাৰ্তালাপ কৰে আৰু গৃহটোৰ ৰিপ'ট প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details