নিউজ ডেস্ক, ১৭ জুনঃ কোভিড-১৯ সংকটৰ সময়ত অবিৰতভাৱে কাম কৰি থকা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰে সৰ্ব্বোচ্চ ন্যায়ালয়ে। স্বাস্থ্য কৰ্মীসকলৰ আবাস গৃহৰ সুবিধা,সময়মতে দৰমহা মুকলি দিয়া আদিৰো উচ্চতম ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক বৃহস্পতিবাৰৰ ভিতৰত জাননী জাৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে। লগতে,কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশ উলংঘা কৰাটো এটা অপৰাধ বুলি ন্যায়ালয়ে প্ৰকাশ কৰে।
তদুপৰি,ন্যায়াধীশ অশোক ভূষণৰ অধ্যক্ষতাৰ বিচাৰপীঠে উল্লেখ কৰা অসুসৰি,কোভিড-১৯ পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক প্ৰথম এসপ্তাহৰ বাবে কোৱাৰেণ্টাইন কৰা হ'ব।