নিউজ ডেস্ক, ১৮ জানুৱাৰী: উচ্চতম ন্যায়ালয়ে সোমবাৰে স্থগিত কৰিলে অশ্লীল চি ডি গোচৰৰ শুনানি । ২০১৭ চনৰ অশ্লীল চি ডি গোচৰত ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল জড়িত থকা সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল । ন্যায়াধীশ অশোক ভূষণে অধ্যক্ষতা কৰা বিচাৰপীঠে এই আবেদনৰ শুনানি ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহলৈ স্থগিত ৰাখে ।
২০১৭ চনত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই বাঘেলৰ উপৰিও আন ৪ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । বাঘেল সেই সময়ত ছট্টিশগড় কংগ্ৰেছৰ সভাপতি আছিল । উল্লেখ্য যে, ২০১৭ চনৰ ২৭ অক্টোবৰত এটা অশ্লীল ভিডিঅ' ভাইৰেল হৈছিল । সেই ভিডিঅ'টোৰে তৎকালীন লোক কল্যাণ বিভাগৰ মন্ত্ৰী তথা বিজেপি নেতা ৰাজেশ মুনাটৰ নাম সাঙোৰ খাইছিল ।