ৱাশ্বিংটন,19 ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সমাগত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ সৈতে এক বৃহৎ চুক্তি স্বাক্ষৰিত কৰাৰ ইংগিত প্ৰদান কৰিছে ৷ কিন্তু কি চুক্তি স্বাক্ষৰিত কৰিব সেই সম্পৰ্কে স্পষ্টভাৱে কোনো কথা প্ৰকাশ কৰা নাই ৷ উল্লেখ্য যে,আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে 24 ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব ৷
ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণ "আমি ভাৰতৰ সৈতে ব্যৱসায়িক চুক্তি স্বাক্ষৰিত কৰিম যদিও ভৱিষ্যতৰ বাবে মই বৃহৎ পৰিকল্পনা প্ৰস্তুত কৰি সংৰক্ষণ কৰি থৈছো" বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মঙলবাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ সংবাদ মাধ্যমত প্ৰকাশিত সূত্ৰ অনুসৰি,আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে 24-25 ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণ কৰিব ৷ লগতে আমেৰিকা আৰু ভাৰতৰ মাজত এক বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিব ৷ সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি,আমেৰিকাৰ বাণিজ্যিক প্ৰতিনিধি ৰবাৰ্ট লাইটহাইজাৰক ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত দেখা নোপোৱাৰ সম্ভাৱনাই অধিক প্ৰকট হৈ পৰিছে ৷ কিন্তু এইসূত্ৰে আমেৰিকাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা এতিয়ালৈকে কোনো ষ্পষ্টীকৰণ প্ৰকাশ কৰা নাই ৷
আমেৰিকা-ভাৰতৰ ব্যৱসায়িক সম্পৰ্কত সন্তুষ্টিজনক স্থিতি লাভ কৰা নাই বুলি ট্ৰাম্পে জনায় যদিও প্ৰধানমন্ত্ৰী মোডীৰ উচ্চ প্ৰশংসা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ লগতে ভাৰত ভ্ৰমণৰ বাবে উৎসুক বুলি মন্তব্য প্ৰকাশ কৰে ৷"মোডীজী মোৰ প্ৰিয়"-বুলি এইদৰে ট্ৰাম্পে প্ৰকাশ কৰে ৷ লগতে বিমানবন্দৰৰ পৰা আৰম্ভ কৰি ষ্টেডিয়ামলৈ প্ৰায় 7 সহস্ৰাধিক লোকে ট্ৰাম্পৰ আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ট্ৰাম্পক জনোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ মটেৰাত নিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন মুকলিৰ বাবে ৰাষ্ট্ৰপতিগৰাকী উৎসুক বুলি জানিবলৈ দিয়ে ৷
ভাৰতৰ আৰ্থিক মন্দাৱস্থাৰ কাৰণসমূহ চীন-ভাৰতৰ বাণিজ্যিক যুদ্ধ,আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ভাৰতৰ ফালৰ পৰা শুল্ক প্ৰত্যাহাৰ আদি বুলি এক প্ৰতিবেদনত প্ৰকাশ পায় ৷ দুয়োখন দেশৰ তুলনা অনুসৰি,ভাৰতত আমেৰিকাৰ সামগ্ৰীসমূহ যেনে,খনিজ ইন্ধন,মূল্যৱান পাথৰ আৰু বিমান আদি অন্তৰ্ভুক্ত আছিল ৷ ইফালে ইলেক’ট্ৰনিক,যান্ত্ৰিক,জৈৱিক ৰসায়ন আৰু চিকিৎসা সামগ্ৰীসমূহৰ বজাৰত চীনৰ সৈতে আমেৰিকাই কঠোৰ প্ৰত্যাহ্বান আহ্বান কৰে বুলি প্ৰতিবেদনত প্ৰকাশ পায় ৷
লগতে চাওকঃডনাল্ড ট্ৰাম্পৰ ভ্ৰমণে ভাৰতক কিদৰে উপকৃত কৰিব ?