নিউজ ডেস্ক, নৱেম্বৰ 7 : কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হ'ল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ আলোচনাত মূল বিষয় হিচাপে গুৰুত্ব লাভ কৰে নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণ আৰু নগা চুক্তিক লৈ অসমৰ ৰাইজৰ আশংকা প্ৰকাশৰ বিষয় দুটাই ৷
মুখ্যমন্ত্ৰী সোণোৱালে জনোৱামতে, অসমৰ ৰাইজে নুমলীগড় শোধনাগাৰ ৰাজহুৱা খণ্ডত থকাটো বিচাৰে ৷ গতিকে এই বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰীক অৱগত কৰা হৈছে ৷ গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰি হে নুমলীগড় শোধনাগাৰৰ বিষয়টোত ভৱিষ্যতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷