নিউজ ডেস্ক, 16 জুন : 1993 বৰ্ষৰ সৰ্বভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া সন্তোষ ঝাক বেলজিয়ামলৈ বদলি কৰা হৈছে ৷ সদ্যহাতে উজবেকিস্তানত ভাৰতৰ উচ্চায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল জ্যেষ্ঠ বিষয়াগৰাকী ৷
বেলজিয়ামলৈ ভাৰতৰ উচ্চায়ুক্ত নিযুক্ত সন্তোষ ঝা
1993 বৰ্ষৰ সৰ্বভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া সন্তোষ ঝাক বেলজিয়ামত ভাৰতৰ উচ্চায়ুক্ত নিযুক্তি দিয়া হৈছে ৷ সদ্যহাতে উজবেকিস্তানত ভাৰতৰ উচ্চায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল বিষয়াগৰাকীয়ে ৷
ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, শীঘ্ৰেই বিষয়াগৰাকীৰ ইউৰোপিয়ান সংঘৰো বৈদেশিক দূত হিচাপে দায়িত্ব প্ৰদান কৰা হ'ব ৷ 2019 চনৰ 25 জুলাই উজবেকিস্তানত ভাৰতৰ উচ্চায়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল সন্তোষ ঝাই ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ বহুকেইটা গুৰুত্বপূৰ্ণ পদবীৰ উপৰিও মস্কো, ভ্লাদিভষ্টক, নিউয়ৰ্ক, ব্ৰাছেলছ আৰু কলম্বোটো ভাৰতৰ হৈ কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতাৰে পুষ্ট সৰ্বভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াগৰাকী ৷
ভ্লাদিভষ্টকত 1998-2007 চনলৈ, ভাৰতৰ বৈদেশিক মন্ত্ৰায়ৰ আমেৰিকান ডিভিজনত 2004-2007 চনলৈ কৰ্মৰত আছিল ঝা ৷ ভাৰত-আমেৰিকা পাৰমানৱিক চুক্তিৰ অন্যতম গুৰিধৰোতা আছিল সন্তোষ ঝা ৷ মহাকাশ, উচ্চপ্ৰযুক্তি আৰু প্ৰতিৰক্ষা খণ্ডত ভাৰত-আমেৰিকাৰ উমৈহতীয়া বহুকেইটা বিভাগৰ দায়িত্ব পালন কৰিছিল বিষয়াগৰাকীয়ে ৷