নেশ্যনেল ডেস্ক, 23 জুলাই: সংস্কৃত বৰ্তমান আমাৰ মাজত পৰা ক্ৰমান্বয়ে দুষ্প্ৰাপ্য হ'বলৈ ধৰা এটা ভাষা ৷ যাৰ অস্তিত্ব সম্প্ৰতি বৈদিক মন্ত্ৰ, স্ত্ৰোত আদিতে সীমাবদ্ধ ৷ অধিকাংশ ভাৰতীয় ভাষাৰে ক্ৰমবিকাশৰ সৈতে এই ভাষা সংপৃক্ত হৈ আছে ৷ কিন্তু স্বায়ং সেই ভাষা আজি বিলুপ্তপ্ৰায় ৷ মুখস্থ বিদ্যাতে আবদ্ধ বৰ্তমানৰ সংস্কৃত শিক্ষা ৷ অথচ একালত এই ভাৰত দেশতে সংস্কৃত টোলৰ পৰাই আৰম্ভ হৈছিল শিক্ষাগ্ৰহণ ৷ তথাপিও আগৰ সেই গৰিমাৰেই এই ভাষাই প্ৰাধান্য লাভ কৰি আহিছে দক্ষিণ ভাৰতৰ এখন গাঁও মাতুৰত ৷ কেৱল ভাৰতীয় ভাষা, সাহিত্য আৰু সংস্কৃতিৰ এক অংশ হিচাপে নহয়, এই ইণ্টাৰনেটৰ যুগত আজিৰ ভাৰততে অৱস্থিত এইখন গাঁৱৰ মানুহৰ কথিত ভাষা হ'ল সংস্কৃত ৷
কৰ্ণাটকৰ শিমোগা জিলাৰ মাতুৰ গাঁও ৷ প্ৰায় 5 হাজাৰ লোকৰ বসতিস্থান এই গাঁও ৷ আপুনি জানিলে আচৰিত হ'ব যে, এই গাঁৱৰ লোকৰ মাজত কথোপকথন চলে সংস্কৃত ভাষাত ৷ আপুনি হয়তো ভাবিছে এই গাঁৱত আধুনিক যুগৰ কোনো ৰেখাপাত নাই নেকি ? নিশ্চয় ভাবিব ৷ বহু বছৰৰ ঐতিহ্য অনুসৰণ কৰি এই গাঁৱৰ শিশুসকলে 10 বছৰ বয়সৰ পৰাই আৰম্ভ কৰে বৈদিক মন্ত্ৰপাঠ ৷ তাৰ পূৰ্বে অভিভাৱক, আত্মীয়, প্ৰতিবেশী আদিৰ কথোপকথন শুনিয়েই সংস্কৃতক মাতৃভাষা হিচাপে আয়ত্ব কৰে শিশুসকলে ৷