নিউজ ডেস্ক, 6 জুনঃদ্বাৰকাৰ শাৰদা পীঠৰ স্বামী স্বৰূপানন্দ সৰস্বতীয়ে দেশত সুৰা বন্ধ কৰিব লাগে বুলি ঘোষণা কৰিছে ৷ সুৰাৰ অবাধ প্ৰচলনৰ বাবেই দেশত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-হিংসা-ধৰ্ষণৰ দৰে ঘটনা ৷ চৰকাৰে শক্তি প্ৰয়োগ কৰি হ'লেও দেশত সুৰাৰ প্ৰচলন বন্ধ কৰিব লাগে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে প্ৰসিদ্ধ ধৰ্মগুৰুগৰাকীয়ে ৷ ইয়াৰ বাবে দেশৰ সকলো সাধু-সন্তকে এক অভিযান গঢ়ি তুলিবলৈ আহ্বান জনাইছে ধৰ্মগুৰুগৰাকীয়ে ৷
দহটা সন্তান জন্ম দিয়াত বাধা আৰোপ কৰকঃ শংকৰাচাৰ্য্য স্বৰূপানন্দ সৰস্বতী - hindi news
শংকৰাচাৰ্য্য স্বামী স্বৰূপানন্দই দেশৰ সাধু-ভক্তসকলক নিচাবিৰোধী অভিযান চলাবলৈ আহ্বান জনাইছে ৷ ইয়াৰ লগতে হিন্দু-মুছলমান নেওচি সকলোৰে মাজত এক সামাজিক নীতিৰ ভিত্তিত দহটা-দহটা সন্তান জন্ম দিয়াৰ ওপৰতো কঠোৰ আইন বনাব লাগে বুলি মন্তব্য কৰে ধৰ্মগুৰুগৰাকীয়ে ৷

শংকৰাচাৰ্য্য স্বৰূপানন্দ সৰস্বতী
শংকৰাচাৰ্য্য স্বৰূপানন্দ সৰস্বতী
ইয়াৰ উপৰি দেশৰ জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈয়ো এক পৰামৰ্শ আগবঢ়াইছে ধৰ্মগুৰুগৰাকীয়ে ৷ তেঁওৰ মতে দেশৰ সকলো জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এক সমান সামাজিক নীতি বনাব লাগে ৷ এই নীতিৰ দ্বাৰা দহটা দহটা সন্তান জন্ম দিয়া কাৰ্যক প্ৰতিৰোধ কৰিবলৈ আহ্বান জনাইছে স্বামী স্বৰূপানন্দই ৷