অসম

assam

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক লাগে মমৰ পুতলা !

By

Published : May 3, 2019, 9:41 AM IST

প্ৰজ্ঞা সিঙক নিৰ্বাচন আয়োগে নিৰ্বাচনী সভাত অংশগ্ৰহণত তিনিদিনলৈ নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্তত সন্মত নহয় কংগ্ৰেছ নেতা দিগ্বিজয় সিং ৷ তেওঁ কয় যে, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰজ্ঞা ঠাকুৰৰ ৰূপত এক মৌন মমৰ পুতলা লাগে ৷ যাতে তেওঁলোকৰ ইচ্ছামতে পৰিচালিত কৰিব পাৰে ৷

Digvijaya Singh

ভূপাল, 3 মেঃ বিজেপিয়ে প্ৰজ্ঞা সিং ঠাকুৰক প্ৰাৰ্থীত্ব প্ৰদানক লৈ কংগ্ৰেছৰ নেতা দিগ্বিজয় সিঙৰ বিজেপিক সমালোচনা ৷ তেওঁৰ বিৰুদ্ধে যুঁজ দিবলৈ বিজেপিয়ে যোগ্য প্ৰাৰ্থী বিচাৰি উলিয়াব নোৱাৰি প্ৰজ্ঞা সিঙক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বুলি মন্তব্য কৰে জেষ্ঠ নেতাগৰাকীয়ে ৷

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক লাগে মমৰ পুতলা !

তেওঁ লগতে কয় যে, নিৰ্বাচন আয়োগে প্ৰজ্ঞা সিঙক নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰিবলৈ তিনিদিনলৈ নিষেধাজ্ঞা জাৰি কৰিছে ৷ প্ৰজ্ঞা সিং ঠাকুৰক মমৰ পুতলা বুলি মন্তব্য কৰি দিগ্বিজয় সিঙে কয় যে প্ৰজ্ঞা সিঙক নিৰ্বাচন আয়োগে নিৰ্বাচনী সভাত অংশগ্ৰহণত তিনিদিনলৈ নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্দেশনা জাৰী কৰিছে ৷ তেওঁ কয় যে, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক প্ৰজ্ঞা ঠাকুৰৰ ৰূপত এক মৌন মমৰ পুতলা লাগে ৷ যাতে তেওঁলোকৰ ইচ্ছামতে পৰিচালিত কৰিব পাৰে ৷ কিন্তু কংগ্ৰেছে বিচাৰে যে প্ৰজ্ঞা সিং ঠাকুৰে অধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে আৰু ভূপালক লৈ তেওঁৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কত মত আগবঢ়ায় ৷

লগতে পঢ়ক : ওড়িশাত ক্ৰমাৎ অধিক শক্তিশালী ৰূপত ফেনী

উল্লেখ্য যে বিজেপি প্ৰাৰ্থী প্ৰজ্ঞাই মন্তব্য কৰিছিল যে, 26/11ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত প্ৰজ্ঞাৰ অভিশাপৰ বাবে প্ৰাক্তন সন্ত্ৰাস বিৰোধী স্কোৱাদৰ মুৰব্বী হেমন্ত কাৰকাৰেৰ মৃত্যু হৈছিল ৷ মেলাগাঁও বিষ্ফোৰণ কাণ্ডত প্ৰজ্ঞা জড়িত থকা বুলি কাৰকাৰেয়ে তেওঁক অত্যাচাৰ কৰাৰ বাবে প্ৰজ্ঞায়ে কাৰকাৰেক অভিশাপ দিয়ে বুলি মন্তব্য কৰিছিল বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷ ইয়াৰোপৰি তেখেতে কৈছিল যে 1992 চনত আযোধ্যাত বাবৰি মছজিদ ধ্বংসৰ লগত জড়িত থাকিবলৈ পাই তেওঁ গৌৰৱ অনুভৱ কৰে ৷

ABOUT THE AUTHOR

...view details