অসম

assam

সুঃখবৰ: নিজামুদ্দিনৰ সৈতে সম্পৰ্ক থকা অৰুণাচলৰ ২৫ জনৰ দেহত নাই কৰ'ণা ভাইৰাছ

By

Published : Apr 6, 2020, 11:21 AM IST

দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতৰ সৈতে সম্পৰ্ক থকা অৰুণাচল প্ৰদেশৰ ২৫ গৰাকী লোকৰ তেজৰ নমুনাৰ ফলাফল নিগেটিভ ।

Samples of 25 people, linked to Nizamuddin event, test negative in Arunachal
Samples of 25 people, linked to Nizamuddin event, test negative in Arunachal

নিউজ ডেস্ক, ৬ এপ্ৰিলঃনতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ সৈতে সম্পৰ্ক থকা অৰুণাচল প্ৰদেশৰ ২৫ গৰাকী লোকৰ দেহত নোলাল কোভিড-১৯ ৰ অৱস্থিতি ।

যোৱা মাহত এই অনুষ্ঠানত অংশ লোৱা ২২ গৰাকী লোকৰ স্বাব (Swab) ৰ নমুনা লোৱা হৈছিল । ৰাজ্যৰ একমাত্ৰ Covid-19 আক্ৰান্তৰ পৰিয়ালৰ সদস্যৰ বাদে সকলোৰে নমুনা নিগেটিভ বুলি দেওবাৰে উল্লেখ কৰে স্বাস্থ্য বিভাগে ।

আনহাতে ৩৩ বছৰ বয়সৰ এগৰাকী প্ৰবাসী শ্ৰমিকক অৰুণাচলৰ প্ৰদেশৰ লুহিত জিলাৰ তেজুৰ জ'নাল জেনেৰেল হাস্পতালত চিকিৎসা চলাই থকা হৈছে । জামাতত অংশগ্ৰহণ কৰিছিল আক্ৰান্ত হোৱা এই ৰোগীগৰাকীয়ে ।

ৰোগীগৰাকীৰ পৰিয়ালৰ পুনৰ নমুনা পৰীক্ষা কৰা হ'ব বুলি জনায় ৰাজ্যৰ পহলদাৰী বিষয়া (State surveillance officer) এল জাম্পাই ।

ইটানগৰৰ উপায়ুক্ত ক'মকৰ দুল'মে কয় ৩০ জন লোকক আইচলেচনত ৰখা হৈছে । ইয়াৰে ভিতৰত তিনিজন হৈছে ছাত্ৰ ।

ইটানগৰত মুঠ ১১৪৯ গৰাকী লোক ঘৰত আইচলেচন অৱস্থাত আছে । ৰাজ্যখনত শনিবাৰলৈ ১৩৪ গৰাকী লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছিল । ইয়াৰে ১০৬ গৰাকীৰ ফলাফল নিগেটিভ অহাৰ বিপৰীতে ২৮ গৰাকীৰ ফলাফল আহিবলৈ বাকী আছে ।

লগতে চাওক- COVID-19 ৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি দিল্লীবাসীৰ

ABOUT THE AUTHOR

...view details