নিউজ ডেস্ক, 9 আগষ্টঃভাৰতৰ বিৰুদ্ধে খৰ্ব হৈ পৰিছে পাকিস্তান ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 আৰু 35(A) প্ৰত্যাহাৰ আৰু দুভাগত বিভক্ত কৰি কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাক লৈ দুয়োখন দেশৰ মাজত বৃদ্ধি পাইছে শীতল যুদ্ধ ৷ জম্মু কাশ্মীৰৰ পৰা বিশেষাধিকাৰ কৰ্তন কৰাৰ পাচতেই ইতিমধ্যে পাকিস্তানে ভাৰতৰ সৈতে সকলোধৰণৰ আমোলাতান্ত্ৰিক, বাণিজ্যিক আৰু বৈদেশিক সম্পৰ্ক বন্ধ কৰি দিছে ৷ পাকিস্তানৰ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্বেখ ৰাছিদে ভাৰত-পাকিস্তানৰ মাজত চলা সমঝোটা এক্সপ্ৰেছ ৰে’লখনৰ চলাচল বাতিল কৰাৰ পাচতেই পাকিস্তানে সমঝোটা এক্সপ্ৰেছ ৰে’লখন বৃহস্পতিবাৰে ৱাঘা সীমান্তত ৰখাই থয় ।
দিল্লী পালেহি সমঝোটা এক্সপ্ৰেছ - ৭৬ জন ভাৰতীয়
ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ বিক্ষোভ ৷ বৃহস্পতিবাৰৰ পৰা পাকিস্তানে সুৰক্ষাৰ দোহাই দি বন্ধ কৰিলে সমঝোটা এক্সপ্ৰেছ ৷ ১১৭ জন যাত্ৰী লৈ সমঝোটা এক্সপ্ৰেছখন শুকুৰবাৰে দিল্লীত উপস্থিত হয় । বৃহস্পতিবাৰে সমঝোটা এক্সপ্ৰেছখনত আছিল ১১৭ যাত্ৰী,ইয়াৰে ভিতৰত ৭৬ জন ভাৰতীয় আৰু ৪১ জন হৈছে পাকিস্তানী নাগৰিক ।
ইয়াৰ পিছতে অন্য এটা ইঞ্জিন ভাৰতে প্ৰেৰণ কৰে। অৱশেষত ১১৭ জন যাত্ৰী লৈ সমঝোটা এক্সপ্ৰেছখন ১.৩০ বজাত দিল্লীত উপস্থিত হয় । বৃহস্পতিবাৰে সমঝোটা এক্সপ্ৰেছখনত আছিল ১১৭ যাত্ৰী,ইয়াৰে ভিতৰত ৭৬ জন ভাৰতীয় আৰু ৪১ জন হৈছে পাকিস্তানী নাগৰিক ।
উল্লেখ্য যে, 1971 চনৰ যুদ্ধৰ পিচত ভাৰত-পাকিস্তানৰ মাজত সম্পাদিত হৈছিল বিখ্যাত "ছিমলা চুক্তি" ৷ এই চুক্তি অনুসৰি 1976 চনৰ 22 জুলাইৰ পৰা আৰম্ভ হৈছিল সমঝোটা এক্সপ্ৰেছ সেৱা ৷ সমঝোটা এক্সপ্ৰেছত মুঠ ৬টা স্লিপাৰ দবা আৰু এটা এ চি ৩ টিয়ৰ দবাৰ সুবিধা আছে যাত্ৰীৰ বাবে ।