নিউজ ডেস্ক,24 নৱেম্বৰ: মধ্য প্ৰদেশত সংঘটিত এক আজৱ ঘটনা ৷ মধ্য প্ৰদেশৰ ভিণ্ড জিলাৰ ষ্টেট বেংকৰ আলমপুৰ শাখাত একে নামৰ দুজন ব্যক্তিয়ে চলাই আছিল একেটা বেংক একাউণ্ট ৷ অৰ্থাৎ এটা একাউণ্ট দুজন গৰাকী ৷ দুয়োগৰাকী ব্যক্তিৰ নাম হুকুম সিং ৷ এজনে একাউণ্টত টকা জমা কৰি গৈছিল আনজনে উলিয়াই গৈছিল ৷
এই নাটকীয় ঘটনাটোৰ সমাপ্তি নৰেন্দ্ৰ মোডীৰ ধন জন যোঁজনা আঁচনীৰ বেংক একাউণ্টত সমাপ্তি হৈছিল ৷ ঘটনা অনুসৰি মধ্য প্ৰদেশৰ ভিণ্ড জিলাৰ ৰুৰাই গাঁৱৰ বাসিন্দা হুকুম সিং ষ্টেট বেংকৰ আলমপুৰ শাখাত দীৰ্ঘ দিন ধৰি টকা জমা থৈ গৈছিল ৷ কিন্তু কিছু বছৰৰ পিছত তেওঁ গম পাই যে, তেওঁৰ একাউণ্টৰ পৰা জমা টকা কমি গৈ আছে ৷ পাছবুক নিৰীক্ষণ কৰাত দেখে যে, তেওঁৰ একাউণ্টৰ পৰা নিয়মিতভাৱে আন কোনোবাই টকা উলিয়াই আছে ৷ পৰৱৰ্তী সময়ত বেংক পৰিচালকৰ লগত কথা পাতি জানিব পাৰে যে, বেংক কৰ্মচাৰীৰ ভুলৰ বাবে এটা একাউণ্ট নম্বৰত খোলা হ'ল দুটা একাউণ্ট আৰু একাউণ্টটোৰ পৰা ৰৌণি গাঁৱৰ হুকুম সিংহয়ে উলিয়াই আছে টকা ৷