অসম

assam

উত্তৰ প্ৰদেশ বিধানসভা উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীৰ নাম ঘোষণা

By

Published : Oct 27, 2020, 1:09 PM IST

উত্তৰ-প্ৰদেশ বিধানসভা উপ-নিৰ্বাচনৰ পূৰ্বে সমাজবাদী পাৰ্টীয়ে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম ৷ ছটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে পাৰ্টীয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ অহা 3 নৱেম্বৰত উত্তৰ প্ৰদেশৰ মুঠ 7টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

উত্তৰ প্ৰদেশ বিধানসভা উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীৰ নাম ঘোষণা
উত্তৰ প্ৰদেশ বিধানসভা উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীৰ নাম ঘোষণা

নিউজ ডেস্ক, 27 অক্টোবৰ :উত্তৰ প্ৰদেশ বিধানসভা উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে সমাজবাদী পাৰ্টীয়ে ৷ ৰাজ্যখনৰ 7টা বিধানসভা সমষ্টিত অহা 3 নৱেম্বৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ ইতিমধ্যে 6টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে সমাজবাদী পাৰ্টীয়ে ৷ আনহাতে বুলন্দচহৰ সমষ্টিটো ৰাষ্ট্ৰীয় লোক দলক এৰি দিছে সমাজবাদী পাৰ্টীয়ে ৷

উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বিধানসভা সমষ্টিকেইটা হৈছে বুলন্দচহৰ, নগাঁও সাদাত, তুন্দ্লা, ঘাতামপুৰ, মালহানি, দেওৰিয়া আৰু বাংগাৰমাও ৷ সমাজবাদী পাৰ্টীয়ে নগাঁও সাদাত, তুন্দ্লা, ঘাতামপুৰ, মালহানি, দেওৰিয়া আৰু বাংগাৰমাও সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব ৷

সমাজবাদী পাৰ্টীয়ে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাখনত ছৈয়দ জাবেদ আবিদিয়ে নগাঁও সাদাতত, মহাৰাজ সিং ঘাংগাৰে তুন্দ্লাত, ইন্দ্ৰজিৎ কোৰিয়ে ঘাতামপুৰত, লাকি যাদৱে মালহানিত, ব্ৰহ্মশংকৰ ত্ৰিপাঠীয়ে দেওৰিয়াত আৰু ৰাকেশ কুমাৰ পালে বাংগাৰমাও সমষ্টিত টিকট লাভ কৰিছে ৷

3 নৱেম্বৰত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিচতেই 10 নৱেম্বৰত ফলাফলসমূহ ঘোষণা কৰা হ'ব ৷

লগতে পঢ়ক :হাথৰসৰ ঘটনা: আদালতৰ তদাৰকী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়

ABOUT THE AUTHOR

...view details