নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ ছুপাৰষ্টাৰ ছলমান খানে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এখন ছবিয়ে সমাদৰ লাভ কৰিছে অনুৰাগী তথা দেশবাসীৰ মাজত । মহামাৰী কৰ'ণা ভাইৰাছৰ সময়ছোৱাত দেশৰ সাম্প্ৰতিক শংখলা বজাই ৰখা তথা ভাৰতবাসীৰ মাজত থকা একতাৰ বাৰ্তা প্ৰেৰণ কৰিছে অভিনেতা গৰাকীয়ে শ্বেয়াৰ কৰা ছবিখনত ।
COVID-19: ছ'চিয়েল মিডিয়াত সমাদৰ লাভ ছুপাৰষ্টাৰ ছলমান খানে শ্বেয়াৰ কৰা এখন বিশেষ ছবি ৫৪ বছৰীয়া অভিনেতা গৰকীয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ছবিখনত প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় যে, দুটা ভিন্ন ধৰ্মৰ ব্যক্তিয়ে সমাজৰ হকে একেলগে প্ৰাৰ্থনা তথা দোৱা কৰিছে ।
আনহাতে,বলিউড ভাইজান ছলমান খানে ছবিখনৰ উদ্দেশ্য দৃঢ় কৰিবলৈ #IndiaFightsCorona বুলি ছ'চিয়েল মিডিয়াত এৰি দিয়ে । উল্লখ্য যে, বৰ্তমান অভিনেতা ছলমান খানে পনৱেল ফাৰ্ম হাউছত আশ্ৰয় লৈ আছে আৰু মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে দেশৰবাসীৰ সহায়ৰ অৰ্থে বিভিন্ন ধৰণেৰে অনুদান আগবঢ়াই আহিছে ।
লগতো চাওকঃ স্বাস্থ্যকৰ্মীৰ বাবে হেল্পলাইন আৰম্ভ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ