নিউজ ডেস্ক, 1 ডিচেম্বৰঃ 1998 চনত কলা হৰিণ চিকাৰ কৰাৰ অপৰাধত বলিউডৰ জনপ্ৰিয় অভিনেতা ছালমান খানক পুনৰ আদালতত হাজিৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ল যোধপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালত ৷ ইয়াৰ আগতেও 15 বাৰ ক্ষমা প্ৰাৰ্থনাৰ সুযোগ গ্ৰহণ কৰি আদালতত উপস্থিত নোহোৱাৰ লগতে আঢ়ৈ বছৰ ধৰি আদালতৰ শুনানিৰ পৰা আঁতৰি আছিল ছালমান খান ৷
ক'ৰণাৰ কাৰণ দৰ্শাই আদালতত হাজিৰ নহ’ল চুপাৰষ্টাৰ ছালমান খান - শুনানী দিন ধাৰ্য্য
বলিউডৰ জনপ্ৰিয় অভিনেতা ছালমান খানক পুনৰ আদালতত হাজিৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ল যোধপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত ৷ 1998 চনত কলা হৰিণ চিকাৰ কৰাৰ অপৰাধত আদালতত হাজিৰ হোৱাৰ জাননি জাৰি কৰা হৈছিল ছালমান খানক ৷
ক'ৰণাৰ কাৰণ দৰ্খাই আদালতত হাজিৰ হোৱা পৰা বিৰত থাকিল ছালমান খান
এইবাৰ পুনৰ আদালত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰাৰ হৈছিল যদিও ক'ৰণাৰ কাৰণ দৰ্শাই আদালতত হাজিৰ হোৱাৰ পৰা বিৰত থাকিল ছালমান খান ৷ ইফালে পুনৰ 16 জানুৱাৰীত শুনানি দিন ধাৰ্য্য কৰিছে যোধপুৰ আদালতে ৷ বিগত 18 এপ্ৰিল, 4 জুন, 16 জুলাই, 14 ছেপ্টেম্বৰ, 28 ছেপ্টেম্বৰ আৰু 1 ডিচেম্বৰত শুনানিৰ পৰা আঁতৰত থাকে ছালমান খান ৷
লগতে পঢ়কঃকা বাতিল,মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে তামুলপুৰত আছুৰ প্ৰতিবাদ