অসম

assam

নেপ'টিজম সম্পৰ্কত কি কলে অভিনেতা চৈফ আলী খানে?

By

Published : Jul 2, 2020, 4:02 PM IST

Updated : Jul 3, 2020, 1:03 PM IST

নেপটি'জম সম্পৰ্কত মুখ খুলিছে এইবাৰ জনপ্ৰিয় অভিনেতা চৈফ আলী খানে। অভিনেতা গৰাকীয়ে জনোৱা অনুসৰি, বলীউডত সৃষ্টি হোৱা এই ষড়যন্তৰ বলী মইও হৈছো । জনপ্ৰিয় অভিনেতা শৰ্মিলা ঠাকুৰ আৰু ক্ৰিকেটাৰ মনচুৰ আলী খান পাটাউদি পুত্ৰ চৈফ আলী খান প্ৰতিষ্ঠিত অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ পুত্ৰ হোৱাৰ পিচতো নেপটি'জমৰ বলী হ'ব লগা হৈছে বুলি জানিব দিয়ে ।

saif-ali-khan-claims-he-too-has-faced-nepotism-in-film-industry
নেপ'টিজম সম্পৰ্কত কি কলে অভিনেতা চৈফ আলী খানে?

নিউজ ডেস্ক, ২ জুলাই : বলীউদত সময়ে-সময়ে নেপ'টিজমক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈ আহিছে । শেহতীয়াকৈ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিচত পুনৰ চৰ্চালৈ আহিছে বলিউডত চলি নেপটি'জম । এই নেপটি'জম সম্পৰ্কত মুখ খুলিছে এইবাৰ জনপ্ৰিয় অভিনেতা চৈফ আলী খানে। অভিনেতা গৰাকীয়ে জনোৱা অনুসৰি, বলীউদত সৃষ্টি হোৱা এই ষড়যন্ত্ৰৰ বলি মইও হৈছো । জনপ্ৰিয় অভিনেতা শৰ্মিলা ঠাকুৰ আৰু ক্ৰিকেটাৰ মনচুৰ আলী খান পাটাউদিৰ পুত্ৰ চৈফ আলী খানে প্ৰতিষ্ঠিত অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ পুত্ৰ হোৱাৰ পিচতো নেপটি'জমৰ বলি হ'ব লগা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ পুনৰ কয় যে,যি সকল অভিনেতা-অভিনেত্ৰীৰ ইতিহাস বলীউদ উদ্যোগৰ লগত সম্পৰ্ক নাই তেওঁলোকে এই ষড়যন্তৰ বলি হ'ব লগা হয় । কিন্তু মই প্ৰতিষ্ঠিত অভিনেত্ৰীৰ পুত্ৰ হোৱাৰ পিচতো এই নেপটি'জমৰ বলি হ'ব লগা হৈছে ।

নেপ'টিজম সম্পৰ্কত কি কলে অভিনেতা চৈফ আলী খানে?

অভিনেতা খানে জনোৱা অনুসৰি,বলীউদত পক্ষপাত,নেপটি'জম, উচ্চ নীচ এইবোৰ বিচাৰ কৰা হয় । কিন্তু ইয়াৰ বিৰুদ্ধে কোনেও মাত মাতিব নিবিচাৰে । কিন্তু বহুতো মিছা সহানুভূতি দেখুৱাই । এনেকুৱা বহুত লোক আপুনি পাব যিয়ে ছ'চিয়েল মিডিয়াত প্ৰতিবাদ কৰা দেখিব কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া নহয় । লগতে অভিনেতা খানে সুশান্ত সিং ৰাজপুতক ইয়াৰ পূৰ্বেও বহুবাৰ প্ৰতিভাবান আৰু বুদ্ধিমান অভিনেতা আখ্যা দিছে । সুশান্ত অতিশয় ভাল আছিল । নতুনকৈ শিকি আগবাঢ়ি যোৱাৰ সাহস আৰু আত্মবিশ্বাস সদাই আছিল । মই সুশান্তক বহুত ভাল পাইছিলো । মোৰ লগত কাম কৰাৰ সময়ত সুশান্তক মই ভালদৰে চিনি পাইছিলো । সুশান্ত বহুত ভাল নৃত্য শিল্পী আছিল বুলিও অভিনেতা গৰাকীয়ে জনায় ।

Last Updated : Jul 3, 2020, 1:03 PM IST

ABOUT THE AUTHOR

...view details