অসম

assam

ETV Bharat / bharat

অনুমতি অবিহনে দীঘল দাড়ি ৰখা বিষয়াক বৰ্খাস্ত উত্তৰ প্ৰদেশ আৰক্ষীৰ - বাঘপট জিলাৰ ৰমলা আৰক্ষী থানা

ইছলামিক ধৰ্মীয় নেতাই বিষয়াগৰাকীয়ে ধৰ্মৰ বাবেই দাড়ি ৰাখিছিল বুলি সৰৱ হৈ পৰা বিষয়টো একেবাৰে ভিত্তিহীন ৷ কিয়নো আৰক্ষী বিভাগত নিয়মানুৱৰ্তিতা সৰ্বোচ্চ ৷ সেই ফালৰ পৰা আৰক্ষী বিষয়াগৰাকীয়ে কোনো অনুমতি নোলোৱাকৈ দাড়ি ৰখা বিষয়টোৱে আৰক্ষীৰ নিয়ম ভংগ কৰিছে আৰু তাৰ বাবেই বিষয়াগৰাকীক নিলম্বন কৰা হৈছে ৷

অনুমতি অবিহনে দীঘল দাড়ি ৰখা বিষয়াক বৰ্খাস্ত উত্তৰ প্ৰদেশ আৰক্ষীৰ
অনুমতি অবিহনে দীঘল দাড়ি ৰখা বিষয়াক বৰ্খাস্ত উত্তৰ প্ৰদেশ আৰক্ষীৰ

By

Published : Oct 23, 2020, 2:25 PM IST

নিউজ ডেস্ক, 23 অক্টোবৰ :উত্তৰ প্ৰদেশ আৰক্ষী বিভাগত কৰ্মৰত এগৰাকী উপ-পৰিদৰ্শকক দীঘল দাড়ি ৰখাৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল ৷ ইন্টেছাৰ আলী নামৰ বিষয়াগৰাকীয়ে কোনো অনুমতি নোলোৱাকৈ দীঘল দাড়ি ৰখা কাৰ্যটো নিয়ম বৰ্হিঃভূত বুলি কৈ বিষয়াগৰাকীক কৰ্মৰ পৰা অব্যাহতি দিয়া হৈছিল ৷

কিন্তু এই বিষয়টোক লৈয়ো ৰাজ্যখনৰ বিৰোধী নেতাসকলে ধৰ্মীয় মেৰুকৰণ কৰিবলৈ বিছাৰিছে ৷ দৰাচলতে উত্তৰ প্ৰদেশৰ বিৰোধীয়ে বিষয়াগৰাকীক নিলম্বন কৰা বিষয়টো লৈ অযথা হৈ-হাল্লা কৰিছে আৰু বিষয়াগৰাকী ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বাবেই এইদৰে দীঘল দাড়ি ৰাখিছিল বুলি ক'ব বিছাৰিছে ৷

কিন্তু এইসকল নেতাই নাজানে যে, চৰকাৰী পদত অধিস্থিত এগৰাকী বিষয়াৰ বাবে সংবিধান আৰু সেৱাৰ লগতে নিয়মানুৱৰ্তিতা বৰ্তাই ৰখাটো প্ৰাথমিক কৰ্তব্য ৷ প্ৰাথমিক কৰ্তব্য পালনত কোনো ধৰ্মীয় দিশৰ স্থান নাথাকে ৷ বিভাগীয় অনুমতি লৈহে কোনো চৰকাৰী বিষয়াই কিছুমান কাম কৰিব পাৰে ৷ সেয়া লাগিলে আৰক্ষীয়ে হওঁক অথবা অন্যান্য বিষয়াই হওঁক ৷

কিন্তু বিষয়াগৰাকীয়ে আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্য্যালয়ৰ পৰা কোনো বিভাগীয় অনুমতি নোলোৱাকৈ এইদৰে দীঘল দাড়ি ৰখাটো আৰক্ষীৰ প্ৰাথমিক কৰ্তব্যৰ বাহিৰত তথা এয়া এক নিয়মানুৱৰ্তিতাৰ চৰম অৱমাননা ৷ যাৰ বাবে চৰকাৰী আৰক্ষী বিষয়াগৰাকীক এইদৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ অৱশ্যে পৰৱৰ্তী সময়ত বিষয়াগৰাকীয়ে দীঘল দাড়ি ৰাখিবলৈ ডিজিপি কাৰ্য্যালয়ত এক আবেদন কৰিছে আৰু এই আবেদন গৃহীত হ'ল বিষয়াগৰাকীয়ে চাকৰিত যোগদান কৰিব পাৰিব আৰু দাড়িও ৰাখিব পাৰিব বুলি জনাইছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷

ইন্টেছাৰ আলী বাঘপট জিলাৰ ৰমলা আৰক্ষী থানাত কৰ্মৰত । বিষয়াগৰাকীয়ে সদৰি কৰা অনুসৰি যোৱা নৱেম্বৰৰ পৰাই তেওঁৰ আবেদন গ্ৰহণ কৰা হোৱা নাই । আৰক্ষীৰ পোছাক অনুসৰি, শীখ সম্প্ৰদায়ৰ বাহিৰে আন কোনো লোকে দীঘল দাঢ়ি ৰাখিব নোৱাৰে । ”আলীক কালি নিৰ্দেশনা থকাৰ স্বত্তেও অনুমতি অবিহনে দীঘল দাঢ়ি ৰখাৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰা হয় । তেওঁ নীতি অনুসৰি পোছাক পিন্ধা নাই। এই প্ৰসংগত আগতেও তেওঁক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল ।” জিলাখনৰ আৰক্ষী অধীক্ষকে বিষয়াগৰাকীৰ নিলম্বণ সন্দৰ্ভত এই কথা সদৰী কৰিছিল ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশৰ 3.4 লক্ষাধিক কৃষকলৈ মুখ্যমন্ত্ৰীৰ 113.21 কোটি টকাৰ সাহাৰ্য

ABOUT THE AUTHOR

...view details