অসম

assam

ETV Bharat / bharat

দেশবাসীলৈ 'সাগৰ অন্বেষিকা' উৎসৰ্গা হৰ্ষবৰ্ধনৰ - কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে শনিবাৰে চেন্নাই জাহাজঘাটত নতুন উপকূলীয় অনুসন্ধান জাহাজ 'সাগৰ অন্বেষিকা'ৰ উদ্বোধন কৰে

কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে শনিবাৰে চেন্নাই জাহাজঘাটত নতুন উপকূলীয় অনুসন্ধান জাহাজ 'সাগৰ অন্বেষিকা'ৰ উদ্বোধন কৰে ।

দেশবাসীলৈ 'সাগৰ অন্বেষিকা' উৎসৰ্গা হৰ্ষবৰ্ধনৰ
দেশবাসীলৈ 'সাগৰ অন্বেষিকা' উৎসৰ্গা হৰ্ষবৰ্ধনৰ

By

Published : Jan 10, 2021, 2:24 PM IST

নিউজ ডেস্ক, ১০ জানুৱাৰী: কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে শনিবাৰে চেন্নাই জাহাজঘাটত নতুন উপকূলীয় অনুসন্ধান জাহাজ 'সাগৰ অন্বেষিকা'ৰ উদ্বোধন কৰি কয় যে পূৰ্বৰে পৰা 'সাগৰ নিধি, 'সাগৰ সম্পদা' 'সাগৰ মঞ্জুশা' আৰু আৰু 'সাগৰ কন্যা' আছিল যদিও 'সাগৰ অন্বেষিকা'ই সমুদ্ৰৰ বিভিন্ন দিশৰ বৈজ্ঞানিক অনুসন্ধানক শক্তিশালী কৰাৰ উদ্দেশ্যে এই 'সাগৰ অন্বেষিকা'ৰ মুকলি কৰা হয় ।

দেশবাসীলৈ 'সাগৰ অন্বেষিকা' উৎসৰ্গা হৰ্ষবৰ্ধনৰ

উল্লেখ্য যে, দুবছৰ পূৰ্বে 'সাগৰ তৰা' মুকলি কৰা হৈছিল ।

ইয়াৰ বাবে বৈজ্ঞানিকসকলক ধন্যবাদ জনাই হৰ্ষবৰ্ধনে কয় যে প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে পূৰ্বৰে পৰাই 'বিশাল উচ্চাভিলাসী' গভীৰ মহাসমুদ্ৰ অভিযান উন্নত প্ৰক্ৰিয়াৰ বিকাশ অব্যাহত ৰাখিছে । এই মহাসমুদ্ৰ অভিযানে নিশ্চিতভাৱে মহাসাগৰ সম্পৰ্কীয় জ্ঞান-বুদ্ধি আৰু অনুসন্ধান বৃদ্ধি কৰিব । যিয়ে আমাক কেৱল চহকী ৰূপেই নহয়, মানৱ জাতিৰ সহায়ৰ বাবেও এক ভেটি প্ৰদৰ্শন কৰিব ।

লগতে তেওঁ কয় যে, এই নৱ বৰ্ষই দেশবাসীলৈ নতুন আশা কঢ়িয়াই আনি কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক আৰু সামুদ্ৰিক উন্নত মানৰ জাহাজ 'সাগৰ অন্বেষিকা'ৰ হৈ প্ৰাধানমন্ত্ৰী মোডীৰ আশীৰ্বাদেৰে এই জাহাজখন দেশবাসীলৈ উৎসৰ্গা কৰে ।

লগতে পঢ়ক: গুজৰাটৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী মাধবসিংহ সোলাংকিৰ বিয়োগ

ABOUT THE AUTHOR

...view details