নিউজ ডেস্ক, ১৩জুন: শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে জনালে যে ২০২০ চনৰ টি-২০ বিশ্বকাপৰ বাবে চল্লিশ হাজাৰ ক্ৰিকেট প্ৰেমীয়ে বহি উপভোগ কৰিব পৰা খেলপথাৰ সমূহত অহা মাহৰ পৰা দহ হাজাৰলৈ হ্ৰাস কৰি খেল উপভোগ কৰিবলৈ অনুমতি দি টি-২০ বিশ্বকাপ অনুস্থিত কৰিব পৰা যাব । কিন্তু ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল ব'ৰ্ডে অধিক আগ্ৰহ নেদেখুওৱাৰ লগতে ভাৰত চৰকাৰৰ নিৰ্দেশনা মানিহে এই ইভেণ্টত ভাগ লোৱা নোলোৱা কথা আহিব বুলি জনালে ।
খেলুৱৈ আৰু অনুৰাগীসকলৰ সুৰক্ষা আমাৰ বাবে অধিক গুৰুত্বপূৰ্ণ: বিচিচিআই - covid 19
বিচিচিআইৰ এগৰাকী বিষয়ববীয়াই জনালে, "ভাৰতীয় ক্ৰিকেট দলটো টি-২০ বিশ্ব কাপত অংশগ্ৰহণৰ বাবে প্ৰস্তুত যদিও চৰকাৰে জাৰি কৰা নিৰ্দেশনা আৰু স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ মানি খেলুৱৈ সকলৰ সুৰক্ষা হব আমাৰ বাবে অধিক গুৰুত্বপূৰ্ণ ।
শীৰ্ষ স্থানীয় এক সংবাদ প্ৰতিস্থানৰ সৈতে হোৱা কথোপকথনত বিচিচিআইৰ এগৰাকী বিষয়ববীয়াই জানিবলৈ দিয়া মতে, ভাৰতীয় ক্ৰিকেট দলটো টি-২০ বিশ্বকাপত ভাগ লবলৈ প্ৰস্তুত যদিওঁ চৰকাৰে জাৰি কৰা নিৰ্দেশনা আৰু স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ মানি খেলুৱৈ সকলৰ সুৰক্ষা হব আমাৰ বাবে অধিক গুৰুত্বপূৰ্ণ । যদিওঁ টি-২০ বিশ্বকাপ অায়োজন কৰিবলৈ যোৱাটো অষ্ট্ৰেলিয়াৰ বাবে ই এটা সাহসী পদক্ষেপ আৰু আমাৰ দলে এইবাৰৰ বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ পালে সুখী হ'লোহেঁতেন । তথাপি এনে বহু কাৰণ থাকে যিসমূহ স্বাস্থ্যকেন্দ্ৰিক । তাৰোপৰি খেলত অংশগ্ৰহণৰ সকলো সিদ্ধান্ত ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল ব'ৰ্ডৰ হাতত নাথাকে ।