অসম

assam

By

Published : Dec 29, 2019, 8:43 PM IST

ETV Bharat / bharat

প্ৰিয়ংকা আৰু ৰাহুল নিচাসক্তঃ সাধ্বী প্ৰাচী

প্ৰিয়ংকা আৰু ৰাহুলে নিচাত থাকি যিকোনো বিষয়ৰ ওপৰত মন্তব্য কৰে ৷ তেখেতে কয় যে, দুয়ো ভাতৃ-ভগ্নী নিচাসক্ত ৷ যাৰ বাবে প্ৰিয়ংকাই বুজি পোৱা নাই তেখেতে লক্ষ্নৌ আৰক্ষীৰ ওপৰত কি অভিযোগ উত্থাপন কৰিছে ৷

sadhvi prachi told priyanka about drugs addict
প্ৰিয়ংকা আৰু ৰাহুল নিচাসক্তঃসাধ্বী প্ৰাচী

নেশ্বনেল ডেক্স, 29 ডিচেম্বৰঃ নিজৰ বিতৰ্কিত ভাষ্যৰ বাবে প্ৰায়ে চৰ্চিত বিজেপি নেত্ৰী সাধ্বী প্ৰাচীয়ে পুনৰ আৰু এক বিবাদিত মন্তব্য কৰে ৷ বিজেপি নেত্ৰীগৰাকীয়ে প্ৰিয়ংকা গান্ধীক ড্ৰাগছ আসক্ত বুলি মন্তব্য কৰে ৷ তেখেতে কয় যে, ৰাহুল আৰু প্ৰিয়ংকাই কোকেইনৰ নিচা কৰে যাৰ বাবে তেঁওলোকে সকলো সময়তেই পাতলীয়া মন্তব্য কৰে ৷

উল্লেখ্য যে, নিজৰ দুদিনীয়া লক্ষ্নৌ ভ্ৰমণত প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ ওপৰত এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছিল ৷ শনিবাৰে কংগ্ৰেছৰ মহাসচিবগৰাকীয়ে প্ৰাক্তন আইপিএচ বিষয়া আৰ দ্বাৰাপুৰীৰ পৰিয়ালক সাক্ষাৎ কৰাৰ বাবে লক্ষ্নৌত উপস্থিত হৈছিল ৷ কিন্তু ৰাস্তাত আৰক্ষীয়ে কিছু সময়ৰ বাবে তেখেতৰ বাহনখন ৰখাই থৈ দিয়ে ৷ ইয়াৰ পিছতে প্ৰিয়ংকা গান্ধীয়ে আৰক্ষীয়ে তেখেতৰ লগত দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত কৰে ৷ আনহাতে, প্ৰিয়ংকা গান্ধীৰ এই মন্তব্যৰ বিৰোধীতা কৰি সাধ্বী প্ৰাচীয়ে কয় যে, প্ৰিয়ংকা আৰু ৰাহুলে নিচাত থাকি এনেধৰণৰ মন্তব্য কৰে ৷ তেখেতে কয় যে, দুয়ো ভাতৃ-ভগ্নী নিচাসক্ত ৷ যাৰ বাবে প্ৰিয়ংকাই বুজি পোৱা নাই তেখেতে কি অভিযোগ উত্থাপন কৰিছে ৷

প্ৰিয়ংকা আৰু ৰাহুল নিচাসক্তঃসাধ্বী প্ৰাচী

ইয়াৰ উপৰিও বিজেপি নেত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি কয় যে, কংগ্ৰেছে ‘সংবিধান ৰক্ষা কৰক, দেশ ৰক্ষা কৰক’ অভিযানৰ আয়োজন কৰিছে ৷ কিন্তু বিগত 70 বছৰ ধৰি কংগ্ৰেছ আৰু নেহৰু পৰিয়ালে দেশৰ জনতাক পথভ্ৰস্ত কৰি আহিছে ৷ তেখেতে উত্তৰ প্ৰদেশত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক কংগ্ৰেছৰ ষড়যন্ত্ৰ বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক-চুঙাজানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বজ্ৰ হুংকাৰ

ABOUT THE AUTHOR

...view details